গুৱাহাটী বিশ্ববিদ্যালয়ত Job Fair সম্পন্ন
গুৱাহাটী, আগষ্ট ২৫, ২০২৬: শৈক্ষিক প্ৰতিভা আৰু উদ্যোগ খণ্ডৰ কৰ্মসংস্থাপনৰ সুযোগক একেখন মঞ্চত সংযুক্ত কৰাৰ লক্ষ্যৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ Job Fair Committee ৰ উদ্যোগত ৬৫টা প্ৰতিষ্ঠানত নিয়োগ হোৱাৰ অৰ্থে প্ৰায় ৬০০ গৰাকী প্ৰাৰ্থীৰ পঞ্জীয়নেৰে Job Fair অনুষ্ঠিত হয়।
শিক্ষাৰ্থী আৰু যুৱ চাকৰি প্ৰত্যাশীসকলক অৰ্থপূৰ্ণ কেৰিয়াৰ সুযোগৰ সৈতে সংযোগ কৰা, বিশ্ববিদ্যালয় আৰু উদ্যোগ খণ্ডৰ মাজৰ সহযোগিতামূলক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে আয়োজিত Job Fair ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই উক্ত পদক্ষেপক প্ৰশংসা কৰি উল্লেখ কৰে যে, “এটা সময় আছিল, যেতিয়া শিক্ষাৰ্থীসকলৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰ হিচাপে কেৱল চৰকাৰী খণ্ডকেই প্ৰধান বুলি ধৰা হৈছিল। সেই দিন এতিয়া অতীত। বৰ্তমান অসমত প্ৰায় ২২ লাখ নিবনুৱা যুৱক-যুৱতী আছে। সেয়েহে আমাৰ অধিকসংখ্যক যুৱক-যুৱতীয়ে ব্যক্তিগত খণ্ডৰ ফালে আগবাঢ়ি যোৱাটো সময়ৰ আহ্বান। আমি বিশ্বাসী আজিৰ এই পদক্ষেপে এক নৱজাগৰণৰ সৃষ্টি কৰিব।”
উক্ত নিয়োগ মেলাত বেংকিং আৰু বিত্তীয় সেৱা, তথ্য-প্ৰযুক্তি, টেলিকমিউনিকেশ্যন, ডিজিটেল সেৱা, স্বাস্থ্যসেৱা, শিক্ষা, মাইক্ৰ’ফাইনেন্স তথা অন্যান্য সহযোগী খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানসমূহৰ ভিতৰত HDFC Bank, Tech Mahindra, Reliance Jio, Axis Bank, Ujjivan Small Finance Bank, Arohan Financial Services, Aditya Birla Sun Life Insurance আদি উল্লেখযোগ্য।
উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে শ্ৰী হেমন্ত বায়ন (Vice President, Retail Branch Banking, HDFC Bank) সন্মানীয় অতিথি হিচাপে শ্ৰীমতী অলি বৰা (General Manager, NEDFi) পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, Job Fair সমিতিৰ অধ্যক্ষ অধ্যাপক প্ৰাঞ্জল বৰুৱা সমন্বিতে উদ্যোগ খণ্ডৰ প্ৰতিনিধি, বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু অংশগ্ৰহণকাৰী প্ৰাৰ্থীসকল উপস্থিত থাকে।
Job Fair ৰ আহ্বায়ক ড° সমীৰ সৰকাৰে শিক্ষাৰ্থীসকলৰ শিক্ষাজীৱনৰ পৰা কৰ্মজীৱনলৈ উত্তৰণত বিশ্ববিদ্যালয়ৰ ভূমিকা আৰু দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উদ্বোধনী অনুষ্ঠানৰ পাছত নিয়োগকাৰী প্ৰতিষ্ঠানসমূহে প্ৰাৰ্থীসকলৰ সৈতে প্ৰত্যক্ষভাৱে মত-বিনিময় কৰে। দিনজোৰা কাৰ্যসূচীত বিভিন্ন প্ৰতিষ্ঠানৰ পৰিচয়মূলক উপস্থাপন, অংশগ্ৰণকাৰীসকলৰ চি ভি পৰীক্ষণ, মূল্যায়ন, সাক্ষাৎকাৰ অনুষ্ঠিত হয়।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক সমাজ আৰু উদ্যোগ খণ্ডৰ মাজত এক প্ৰত্যক্ষ আৰু সুদৃঢ় সংযোগ স্থাপনৰ ক্ষেত্ৰত Job Fair-এ এক বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।


No comments