Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটী বিশ্ববিদ্যালয়ত FROM GUERRILLA FIGHTER TO A PEACEMAKER শীৰ্ষক বিশেষ বক্তৃতানুষ্ঠান


গুৱাহাটী, আগষ্ট ২০, ২০২৬ : মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মিজো নেচনেল ফ্ৰন্টৰ সভাপতি শ্ৰীযুত জোৰামথাংগাৰ গৌৰৱময় উপস্থিতিত অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠান আৰু গুৱাহাটী বিশ্ববিদ্যালয় উত্তৰ-পূব ভাৰত অধ্যয়ন প্ৰতিষ্ঠানৰ উদ্যোগত তথা চেণ্টাৰ ফৰ চাউথ ইষ্ট এছিয়ান ষ্টাডিজৰ সহযোগত FROM GUERRILLA FIGHTER TO A PEACEMAKER শীৰ্ষক এক বিশেষ বক্তৃতানুষ্ঠান সম্পন্ন হয়। 

গুৱাহাটী বিশ্ববিদ্যালয় উত্তৰ-পূব ভাৰত অধ্যয়ন প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক অখিল ৰঞ্জন দত্তৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা উক্ত বিশেষ অনুষ্ঠানতে অতীতৰ শৈক্ষিক দিনবোৰৰ স্মৃতি পুনৰ সজীৱ কৰি মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জোৰামথাংগাই এক বিশেষ সন্মান হিচাপে স্নাতক ডিগ্ৰীৰ প্ৰমাণপত্ৰ আনুষ্ঠানিকভাৱে  গ্ৰহণ কৰে। 

FROM GUERRILLA FIGHTER TO A PEACEMAKER  শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰি তথা সন্মানীয় জোৰামথাংগাই গুৱাহাটী বিশ্ববিদ্যালয়ক ধন্যবাদ জ্ঞাপন কৰি তথা নিজৰ গ্ৰন্থ From Guerrilla Fighter to Chief Minister ৰ আলমত উল্লেখ কৰে যে, “From Guerrilla Fighter to a Peacemaker’ শীৰ্ষক বক্তৃতা প্ৰদানৰ সুযোগ দিয়াৰ বাবে মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ জীৱন-যাত্ৰা হৈছে সংঘাতৰ পৰা শান্তিলৈ, বিদ্ৰোহৰ পৰা ৰাজনীতিলৈ এক দীঘলীয়া যাত্ৰা। মোৰ গ্ৰন্থ From Guerrilla Fighter to Chief Minister তো এই যাত্ৰাৰ বিভিন্ন অভিজ্ঞতা আৰু উপলব্ধিৰ প্ৰতিফলন ঘটিছে।

এই যাত্ৰাই মোক পাৰস্পৰিক বুজাবুজি, সহনশীলতা আৰু গণতান্ত্ৰিক মূল্যবোধৰ গুৰুত্ব গভীৰভাৱে উপলব্ধি কৰাইছে। শান্তি আৰু উন্নয়নৰ বাবে সমাজৰ সকলোৰে মাজত বিশ্বাস, সহযোগিতা আৰু একেলগে আগবাঢ়ি যোৱাৰ মানসিকতা অতি প্ৰয়োজনীয়।”

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তদেৱে নিজৰ ভাষণত সন্মানীয় জোৰামথাংগাদেৱৰ জীৱনৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰে যে, “সন্মানীয় জোৰামথাংগাদেৱৰ জীৱন-যাত্ৰা কেৱল এগৰাকী ৰাজনীতিবিদৰ যাত্ৰা নহয়, ই সংঘাতৰ পৰা শান্তি আৰু কঠিন বাস্তৱৰ মাজেৰে গণতান্ত্ৰিক মূল্যবোধৰ দিশে আগবাঢ়ি যোৱাৰ এক অনুপ্ৰেৰণাদায়ক কাহিনী। উত্তৰ-পূৰ্বাঞ্চল তথা দেশৰ এগৰাকী বিশিষ্ট নেতা হিচাপে তেখেতৰ অভিজ্ঞতা আৰু শান্তিৰ প্ৰতি থকা অটুট বিশ্বাসে নতুন প্ৰজন্মক বহু কথা শিকিবলৈ আৰু সমাজৰ বাবে এক ইতিবাচক ভৱিষ্যত গঢ়িবলৈ অনুপ্ৰাণিত কৰিব।”

উক্ত অনুষ্ঠানতে মিজো নেচনেল ফ্ৰণ্টৰ জ্যেষ্ঠ উপ সভাপতি তথা বিধায়ক ড⁰ আৰ. লালথাংগ্লিয়ানা তথা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সন্মানীয় সহযোগীবৃন্দ, সন্মানীয় অতিথি হিচাপে অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠানৰ অধ্যক্ষ সুভাষ চন্দ্ৰ দাস আৰু সঞ্চালক অধ্যাপিকা শ্বাশ্বতী চৌধুৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক অধ্যাপক ৰাজীৱ সন্দিকৈ, অধ্যাপক সমন্বিতে আমন্ত্ৰিত অতিথি, গৱেষক আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে।

No comments

Powered by Blogger.