Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

হ'লিষ্টিক ফিজিঅ'থেৰাপি এণ্ড ৱেলনেছ চেণ্টাৰৰ উদ্যোগত বিনামূলীয়া ফিজিঅ'থেৰাপি শিবিৰ সম্পন্ন



গুৱাহাটী, ৩ আগষ্ট :  হ'লিষ্টিক ফিজিঅ'থেৰাপি এণ্ড ৱেলনেছ চেণ্টাৰে নিজৰ ১৯তম প্ৰতিষ্ঠা দিৱস উপলক্ষে গুৱাহাটীৰ ছয়মাইলৰ ভি আই পি ৰোডত থকা পেৰামাউণ্ট স্কোৱেৰ, আৰু ৰাজগড় তিনিআলিত থকা গুৱাহাটীস্থিত কেন্দ্ৰত আহি এক বিনামূলীয়া ফিজিঅ'থেৰাপি শিবিৰৰ আয়োজন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কৰ আয়ুক্ত জিতু দলে । 

শিবিৰটো উদ্বোধন কৰে গুৱাহাটীৰ হেলথ চিটী হাস্পতালৰ চিকিৎসা  সঞ্চালক ডাঃ  বি পি চক্ৰৱৰ্তীয়ে। আনহাতে শিৱিৰটো পৰিচালনা কৰে ডঃ অনুশ্মিতা চামুৱাৰ নেতৃত্বত হ'লিষ্টিক ফিজিঅ'থেৰাপি এণ্ড ৱেলনেছ চেণ্টাৰৰ এটা দলে । 

বিনামূলীয়া শিবিৰত সৰ্বমুঠ ৮৮ জন ৰোগীয়ে বিনামূলীয়াকৈ ফিজিঅ'থেৰাপি মূল্যায়ন, পৰামৰ্শ, চিকিৎসা আৰু ঘৰতে কৰিব পৰা ফিজিঅ'থেৰাপি ব্যায়ামৰ পৰামৰ্শ লাভ কৰে। এই পদক্ষেপৰ মূল উদ্দেশ্য আছিল ফিজিঅ'থেৰাপিৰ গুৰুত্ব সম্পৰ্কে জনসচেতনতা বৃদ্ধি কৰা, ৰোগৰ আগতীয়া চিনাক্তকৰণ আৰু পুনৰ্বাসনক উৎসাহিত কৰা  ।

No comments

Powered by Blogger.