গুৱাহাটী, ০১ আগষ্ট :আজি সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাতো বিশ্ব স্তনপান সপ্তাহ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত সাতগাঁও ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত সপ্তাহজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে কামৰূপ মহানগৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ সঞ্জীৱ কুমাৰ শইকীয়াই।
বিশ্ব স্তনপান সপ্তাহ প্ৰতি বছৰে ১ আগষ্টৰ পৰা ৭ আগষ্টলৈ ৰাজ্যজুৰি পালন কৰা হয়। এই সপ্তাহ পালনৰ উদ্দেশ্য হৈছে মাতৃদুগ্ধৰ উপকাৰিতাৰ বিষয়ে সমাজত সজাগতা সৃষ্টি কৰা, মাতৃসকলক স্তনপানৰ ক্ষেত্ৰত উপযুক্ত পৰামৰ্শ আৰু সহযোগিতা আগবঢ়োৱা, লগতে প্ৰতিগৰাকী শিশুৱে জীৱনৰ আৰম্ভণিৰ পৰাই সঠিক পুষ্টি লাভ কৰাটো নিশ্চিত কৰা।
অনুষ্ঠানত জিলা প্ৰতিষেধক বিষয়া ডাঃ ভৱেন্দ্ৰ কুমাৰ দাস, সাতগাঁও ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰৰ ভাৰপ্ৰাপ্ত খণ্ড চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ ধ্ৰুৱ ৰাজবংশী, জিলা আয়ুষ ন’ডেল বিষয়া ডাঃ কৰবী হাজৰিকা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কামৰূপ মহানগৰৰ DPM, DME, DCM, চিকিৎসালয়খনৰ চিকিৎসক-স্বাস্থ্যকৰ্মীৰ লগতে গৰ্ভৱতী আৰু প্ৰসূতি মাতৃসকল উপস্থিত থাকে।
বিশ্ব স্তনপান সপ্তাহ উপলক্ষে কামৰূপ মহানগৰ জিলাৰ স্বাস্থ্যকেন্দ্ৰ সমূহত সপ্তাহজুৰি স্তনপান বিষয়ক সজাগতা সভা, স্বাস্থ্য শিক্ষা, পৰামৰ্শদান কাৰ্যসূচী, গৰ্ভৱতী আৰু প্ৰসূতি মাতৃসকলৰ সৈতে আলোচনা সভা, প্ৰচাৰ পত্ৰিকা বিতৰণ আদি কাৰ্যৰ্সূচী ৰূপায়ণ কৰা হ’ব।




No comments:
Post a Comment