Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

শিক্ষাৰ্থীৰ বাবে আজাৰা ভি আই পিৰ শ্ৰী সাই শিক্ষা নিকেতনৰ বিশেষ আঁচনি

গুৱাহাটী ,২২ আগষ্ট: গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা  ভি আই পিস্থিত  শ্ৰী সাই শিক্ষা নিকেতনত কৰ্তৃপক্ষই শিক্ষা প্ৰতিষ্ঠানখনৰ  জন্মদাতা প্ৰয়াত প্ৰাঞ্জল বৰঠাকুৰৰ স্মৃতিত অধ্যয়নৰত  শিক্ষাৰ্থীৰ সুবিধাৰ  বাবে   কেতবোৰ বিশেষ আঁচনি মুকলি কৰিছে। শিক্ষা প্ৰতিষ্ঠানখনৰ সঞ্চালিকা জোৎস্না বেগমে জানিবলৈ দিয়া মতে ১৫ আগষ্টত স্বাধীনতা দিৱসৰ পৰা আৰম্ভ  হোৱা "মনৰ বিকাশ ভৱিষ্যতৰ সুৰক্ষা আঁচনি" নামৰ এই আঁচনিৰ অধীনত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ অধ্যয়নৰত ৰেহাইৰ দিয়া হৈছে ।

 নাৰ্চাৰীৰ পৰা দশম শ্ৰেণীলৈ অধ্যয়নৰত শিক্ষাৰ্থীৰ সাধাৰণ মাচুল ১৫ শতাংশ  ৰেহাই দিয়া হব । অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ বিনামূলীয়া হব অতিৰিক্ত টিউচন। তেনেদৰে মেধাৱী শিক্ষাৰ্থীসকলক উদগনি যোগোৱাৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমৰ ভিতৰত  প্ৰথম স্থান লাভ কৰা শিক্ষাৰ্থীক এক লাখ টকা, দ্বিতীয় স্থান লাভ কৰা শিক্ষাৰ্থীক ৫০ হাজাৰ টকা আৰু তৃতীয় স্থান লাভ কৰা শিক্ষাৰ্থীক ভৱিষ্যতৰ শিক্ষাৰ বাবে ২৫ হাজাৰ টকা প্ৰদান কৰা হব।  

বিদ্যালয়  পৰ্য্যায়ৰ স্থানপ্ৰাপ্ত দশম শ্ৰেণীৰ যিসকল শিক্ষাৰ্থীয়ে ৯০ শতাংশ  বা ততোধিক নম্বৰ লাভ কৰিলে তেওঁলোকক একোখনকৈ ই - স্কুটী, ৬০ ৰ পৰা ৭৫ শতাংশ  বা ততোধিক নম্বৰ লাভ কৰিলে সংগ্ৰহ কৰিলে একোটাকৈ লেপটপ আৰু ৬০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক  একোটাকৈ লেপটপ প্ৰদান কৰা হ'ব । উল্লেখ্য যে ১৫ আগষ্টত স্বাধীনতা দিৱসৰ দিনা এই আঁচনি ঘোষণা কৰাৰ সময়ত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী প্ৰেৰণা বৰঠাকুৰসহ কেবাজনো শিক্ষক উপস্থিত আছিল।

No comments

Powered by Blogger.