Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

সশস্ত্ৰ সীমা বল, সীমান্ত মুখ্য কাৰ্যালয় গুৱাহাটীয়ে উলহ-মালহেৰে উদযাপন কৰিলে ৮০সংখ্যক স্বাধীনতা দিৱস, গুৱাহাটীবাসীৰ বাবে আড়ম্বৰপূৰ্ণ কাৰ্যসূচী*


 
গুৱাহাটী 16 আগষ্ট: সীমান্ত মুখ্য কাৰ্যালয় গুৱাহাটীয়ে অত্যন্ত উলহ-মালহেৰে ৮০সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে। ১৫ আগষ্টত মহাপৰিTopic inspector General (IG) শ্ৰী সুধীৰ বৰ্মাই সীমান্ত মুখ্য কাৰ্যালয়ত পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় পতাকাক চালামী জনায়। এই উপলক্ষে তেওঁ বলৰ জোৱান তথা তেওঁলোকৰ পৰিয়ালবৰ্গক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
তেওঁৰ ভাষণে সীমান্ত গুৱাহাটীৰ অপাৰেচনেল, প্ৰশাসনিক আৰু ক্ৰীড়া ক্ষেত্ৰৰ সাফল্যৰ বিষয়ে আলোকপাত কৰে। তেওঁ জনায় যে সশস্ত্ৰ সীমা বলে ১৭৫১ কি.মি. ভাৰত-নেপাল সীমান্ত আৰু ৬৯৯ কি.মি. ভাৰত-ভুটান সীমান্তৰ সুৰক্ষাৰ লগতে সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজৰ বিকাশৰ দায়িত্ব অত্যন্ত সজাগতা, কৰ্তব্যনিষ্ঠা আৰু ভাতৃত্ববোধেৰে পালন কৰি আহিছে।



এই ক্ৰমত মহাপৰিদৰ্শক শ্ৰী বৰ্মাৰ নিৰ্দেশনাত তথা ডি.আই.জি. শ্ৰী এইচ.বি.কে. সিং আৰু প্ৰথম বাহিনীৰ কমাণ্ডেণ্ট শ্ৰী সুনীল কৌশিকৰ তত্ত্বাৱধানত সীমান্ত গুৱাহাটীৰ জ্যাজ, পাইপ আৰু ব্ৰাছ বেণ্ডৰ দ্বাৰা দুদিনীয়া দেশপ্ৰেমেৰে পৰিপূৰ্ণ সংগীতময় কাৰ্যসূচীৰ আয়োজন কৰা হয়। ইয়াৰে ১৫ আগষ্টত গুৱাহাটীৰ চিটি চেণ্টাৰ মলত আৰু ১৬ আগষ্টত উজান বজাৰৰ সতী ৰাধিকা শান্তি উদ্যানত (ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট) এক আড়ম্বৰপূৰ্ণ বেণ্ড শ্ব’ অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীত এছ.এছ.বি. বেণ্ডৰ মনোমুগ্ধকৰ পৰিৱেশনাই গুৱাহাটীবাসীৰ মন জয় কৰে আৰু ৰাইজৰ ব্যাপক অংশগ্ৰহণ দেখা যায়।
সংগীতৰ মাধ্যমেৰে গুৱাহাটী তথা অসমবাসীৰ মাজত ঐক্য, দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ বাৰ্তাক অধিক সুদৃঢ় কৰা আৰু বলক জনসাধাৰণৰ সৈতে প্ৰত্যক্ষভাৱে সংযোগ কৰাই আছিল এই কাৰ্যসূচীৰ মূল উদ্দেশ্য।



এই অনুষ্ঠানত উপ-মহাপৰিদৰ্শক শ্ৰী ৰজনীশ লাম্বা, শ্ৰী নীৰজ চান্দ, কমাণ্ডেণ্ট (প্ৰশাসন) শ্ৰী এম.কে.এছ. মুণ্ডাৰ লগতে সকলো বিষয়া, স্থানীয় প্ৰশাসনৰ প্ৰতিনিধি, বলৰ জোৱান আৰু মাধ্যমৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

No comments

Powered by Blogger.