Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

বানাক্ৰান্ত ৰাইজলৈ সহায়ৰ হাত মাৰোৱাৰী যুৱ মঞ্চ ,অসমৰ


 

গুৱাহাটী, ১ আগষ্ট  :  উজনি অসমত সংঘটিত ভয়ংকৰ বানপানীয়ে ৰাজ্যৰ বহু জিলাত ব্যাপক ধ্বংসযজ্ঞ  সংঘটিত কৰিছে । বিশেষকৈ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলা বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। অবিৰত বৰষুণ আৰু নদ-নদীৰ পানীৰ স্তৰ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ ফলত এক হাজাৰৰো অধিক গাঁও সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে। 

হাজাৰ হাজাৰ পৰিয়াল গৃহহীন হৈছে, কৃষিভূমি নষ্ট হৈছে, পথ-যোগাযোগ বিচ্ছিন্ন হৈছে আৰু বহু লোক খাদ্য, বিশুদ্ধ খোৱাপানী আৰু নিৰাপদ আশ্ৰয়ৰ সংকটত পৰিছে। এনে দুৰ্যোগৰ সময়ত পূৰ্বোত্তৰ প্ৰদেশীয় মাৰৱাড়ী যুৱ মঞ্চই মানৱ সেৱাৰ এক অনন্য নিদৰ্শন দাঙি ধৰি ব্যাপক বান সাহাৰ্য্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। বানৰ খবৰ পোৱাৰ লগে লগে স্থানীয় শাখাসমূহে কোনো ধৰণৰ বিলম্ব নকৰাকৈ সাহাৰ্য্য সামগ্ৰী সংগ্ৰহ কৰি ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ যুদ্ধকালীন তৎপৰতাৰে সাহাৰ্য্য প্ৰেৰণ আৰম্ভ কৰে। 

পৰৱৰ্তী সময়ত এই অভিযান সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ এক সামূহিক সেৱা অভিযানলৈ পৰিণত হয়, য'ত ৫০ৰো অধিক শাখাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। মঞ্চৰ ফালৰপৰা বানপীড়িত অঞ্চলসমূহত শুকান খাদ্য, ৰন্ধা আহাৰ, বিশুদ্ধ খোৱাপানী, গাখীৰ, বিস্কুট, কাপোৰ, ঔষধ, ছেনিটাৰী সামগ্ৰী, মমবাতি, দিশালাই, পৰিচ্ছন্নতা সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী অবিৰতভাৱে বিতৰণ কৰা হৈছে। ইয়াৰ উপৰিও মাৰৱাড়ী সমাজৰ ভৱন, ধৰ্মশালা আৰু মন্দিৰসমূহক অস্থায়ী সাহাৰ্য্য শিবিৰলৈ ৰূপান্তৰ কৰি বহু পৰিয়ালক নিৰাপদ আশ্ৰয় প্ৰদান কৰা হৈছে। বহু ঠাইত স্বেচ্ছাসেৱকসকলে প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি দূৰৱৰ্তী বানাক্ৰান্ত গাঁওসমূহলৈ সাহায্য সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা কৰে।

বান সাহাৰ্য্য অভিযানৰ সমন্বয়ক ৰৌণক আগৰৱাল আৰু শ্ৰেয়াংশ জৈনে জনায় যে, স্থানীয় শাখাসমূহৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় সকলো শাখাই এই অভিযানত সক্ৰিয় সহযোগিতা আগবঢ়াই আছে। বিভিন্ন শাখাৰ পৰা সাহাৰ্য্য সামগ্ৰী, আৰ্থিক সহায় আৰু স্বেচ্ছাসেৱকৰ দল প্ৰেৰণ কৰা হৈছে, যাৰ ফলত সাহাৰ্য্য অভিযান নিৰবিচ্ছিন্নভাৱে চলি আছে। প্ৰাদেশিক সভাপতি ৰাজ চৌধুৰীয়ে কয় যে, এই প্ৰাকৃতিক দুৰ্যোগৰ সময়ত পূৰ্বোত্তৰ প্ৰদেশীয় মাৰৱাড়ী যুৱ মঞ্চৰ প্ৰতিটো শাখাই মানৱ সেৱাক সৰ্বোচ্চ দায়িত্ব হিচাপে গ্ৰহণ কৰি কাম কৰি আছে।

 ডিব্ৰুগড়ৰ পৰা ধুবুৰীলৈকে মঞ্চৰ সদস্যসকলে দিনে নিশাই সাহাৰ্য্য কাৰ্য্যত নিয়োজিত হৈ আছে। তেওঁ কয় যে, মাৰৱাড়ী সমাজে সদায় অসমৰ উন্নয়ন, সামাজিক দায়বদ্ধতা আৰু মানৱীয় সেৱাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে আৰু আগলৈও সমাজৰ প্ৰয়োজনৰ সময়ত একেই নিষ্ঠা আৰু সমৰ্পণেৰে সেৱা আগবঢ়াই যাব। তেওঁ আৰু কয় যে, এই সময়ত পৰস্পৰৰ কাষত থিয় দিয়া আৰু বিপদগ্ৰস্ত লোকসকলক সহায় কৰা সকলোৰে দায়িত্ব। 

এনে সময়তো কিছুমান ছ’চিয়েল মিডিয়া ক্ৰিয়েটৰে কেৱল নিজৰ ভিউ বৃদ্ধি কৰাৰ উদ্দেশ্যে সমাজৰ বিৰুদ্ধে বিভ্ৰান্তিকৰ আৰু উচটনিমূলক ভিডিঅ' প্ৰচাৰ কৰি আছে। তেওঁ সকলোকে বিশ্বাস নকৰিবলৈ আৰু কেৱল সত্য আৰু প্ৰমাণিত তথ্যৰ ওপৰত বিশ্বাস ৰাখিবলৈ আহ্বান জনায়। তেওঁ কয়, "সেৱাই মাৰৱাড়ী সমাজৰ আটাইতকৈ ডাঙৰ পৰিচয়, আৰু এই সেৱা কোনো ধৰণৰ ভেদাভেদ নকৰাকৈ অব্যাহত থাকিব।  এই সাহাৰ্য্য অভিযানত ডিব্ৰুগড়, শিৱসাগৰ, শিৱসাগৰ প্ৰগতি, উত্তৰ লখিমপুৰ, চিমলাগুৰি, নাজিৰা, বোকাখাত, গুৱাহাটী, নগাঁও আৰু ধুবুৰীকে ধৰি ৫০ ৰো অধিক শাখাই সক্ৰিয় ভূমিকা পালন কৰি আছে। স্বেচ্ছাসেৱকৰ দলসমূহে অবিৰতভাৱে বানপীড়িত গাঁওসমূহলৈ গৈ প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰাৰ লগতে প্ৰশাসনৰ সৈতে সমন্বয় সাধন কৰি উদ্ধাৰ কাৰ্যতো সহযোগিতা আগবঢ়াইছে।

সাহাৰ্য্য অভিযানৰ তদাৰকৰ দায়িত্ব  প্ৰাদেশিক সভাপতি ৰাজ চৌধুৰী, প্ৰাদেশিক মহাসচিব প্ৰভাত নিমোদিয়া আৰু প্ৰাদেশিক উপ-সভাপতি (মুখ্য কাৰ্যালয়) প্ৰশান্ত গোয়েংকাই ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উপস্থিত থাকি নিৰীক্ষণ কৰি আছে। তেওঁলোকে বিভিন্ন শাখাৰ মাজত সমন্বয় স্থাপন, সাহাৰ্য্য সামগ্ৰীৰ যোগান নিশ্চিতকৰণ আৰু অভিযান অধিক ফলপ্ৰসূ কৰাৰ বাবে অহৰহ প্ৰয়াস অব্যাহত ৰাখিছে।

এই সেৱা অভিযানৰ আটাইতকৈ আৱেগিক আৰু অনুপ্ৰেৰণাদায়ক দিশটো হৈছে যে শিৱসাগৰ, শিমলগুৰি আৰু নাজিৰা অঞ্চলৰ বহু সদস্যৰ নিজৰ ঘৰো বানৰ পানীত ডুব গৈছে। তথাপিও তেওঁলোকে ব্যক্তিগত দুখ-কষ্টক পিছ পেলাই মানৱ সেৱাক অগ্ৰাধিকাৰ দিছে। নিজৰ পৰিয়ালৰ চিন্তাৰ ঊৰ্ধ্বত গৈ তেওঁলোকে দিনে নিশাই বানপীড়িত লোকসকলৰ ওচৰলৈ সাহাৰ্য্য সামগ্ৰী যোগান, নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা আৰু সম্ভৱ সকলো সহায় আগবঢ়াই আহিছে। 

এই সেৱা মনোভাৱে সমগ্ৰ সমাজৰ বাবে এক উজ্জ্বল প্ৰেৰণাৰ উৎস। পূৰ্বোত্তৰ প্ৰদেশীয় মাৰৱাড়ী যুৱ মঞ্চই স্পষ্ট কৰি দিছে যে, বানপীড়িত অঞ্চলসমূহত স্বাভাৱিক পৰিস্থিতি সম্পূৰ্ণৰূপে ঘূৰি নহালৈকে সাহাৰ্য্য আৰু পুনৰ্বাসন অভিযান অব্যাহত থাকিব। লগতে সমাজৰ সকলো শ্ৰেণীৰ লোকক এই মানৱীয় অভিযানত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে ।  

যাতে অধিক সংখ্যক দুৰ্যোগপীড়িত পৰিয়ালৰ ওচৰলৈ সময়মতে সহায় আগবঢ়াব পাৰে। এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত পূৰ্বোত্তৰ প্ৰদেশীয় মাৰৱাড়ী  মাৰৱাৰী যুৱ মঞ্চই পুনৰ এবাৰ প্ৰমাণ কৰি দিলে যে, সেৱা, সমৰ্পন আৰু মানৱতাই যিকোনো সমাজৰ আটাইতকৈ ডাঙৰ শক্তি উত্তৰ-পূৰ্বাঞ্চলীয় প্ৰাদেশিক মাৰৱাৰী যুৱ মঞ্চৰ প্ৰাদেশিক জনসংযোগ সমন্বয়ক চেংকি আগৰৱালে প্ৰেৰণ কৰিছে।

No comments

Powered by Blogger.