Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন


 

গুৱাহাটী , ৩০ আগষ্ট :  কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী ( চি আৰ পি এফ ) ৰ গুৱাহাটী ক্ষেত্ৰৰ উপ মহা পৰিদৰ্শকৰ নিৰ্দেশনা অনুসৰি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ মুখ্য কাৰ্যালয়ত ২৮ আগষ্টৰ পৰা তিনিদিনীয়াকৈ  অনুষ্ঠিত  বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰ আজি  সামৰণি পৰে । 

১৭৫ বেটেলিয়ানৰ কমাণ্ডেণ্ট নন্দ কিশোৰ কুমাৰ প্ৰসাদৰ মাৰ্গ দৰ্শনত  আয়োজিত তিনিদিনীয়া ক্ৰীড়া প্ৰতিযোগিতাত ফুটবল , ভলীবল, টেবল টেনিছকে ধৰি বিভিন্ন দলীয় আৰু একক খেল  অনুষ্ঠিত হয়। প্ৰতিযোগিতা সমূহত বাহিনীটোৰ বহু বিষয়া - জোৱানৰ  উপৰিও দাঁতি কাষৰীয়া অঞ্চলৰ বহু চেমনীয়া খেলুৱৈও উৎসাহেৰে ভাগ লয়।

 আজি প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত  কমাণ্ডেণ্ট নন্দ কিশোৰ কুমাৰ প্ৰসাদ, ছেকেণ্ড ইন কমাণ্ড অমিত সিনহা, ডেপুটী কমাণ্ডেণ্টদ্বয় বিৰাট কুমাৰ সিং আৰু অমিত যোশী, জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অজয় কুমাৰকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে। উল্লেখ্য যে আজি দেশজুৰি হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্ম জয়ন্তী অতি উলহ মালহেৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হৈছে ।

No comments

Powered by Blogger.