Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

কৃষ্ণচূড়া নগৰীত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থীক আদৰণি: কেন্দ্ৰীয় দীক্ষাৰম্ভ অনুষ্ঠান সম্পন্ন


 গুৱাহাটী, আগষ্ট ১২: বুকুত নতুন সপোন, মনত নতুন আশা আৰু ভৱিষ্যতক নিজৰ হাতেৰে গঢ়াৰ অদম্য আকাংক্ষা লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিয়ালত সংযোজিত হোৱা নৱাগত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলক বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ, মূল্যবোধ আৰু দায়িত্বৰ সৈতে চিনাকি কৰাই দিয়াৰ উদ্দেশ্যেৰে বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত  বিশেষ কাৰ্যসূচীৰে কেন্দ্ৰীয় দীক্ষাৰম্ভ অনুষ্ঠান সম্পন্ন হয়।

বিশ্ববিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা উক্ত অনুষ্ঠানত শ্ৰেণীসমূহৰ সচিব ড⁰ ৰঞ্জন কুমাৰ কাকতিয়ে নৱাগত শিক্ষাৰ্থীসকলক গুৱাহাটী বিশ্ববিদ্যালয়লৈ উষ্ম আদৰণি জনায়।

উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তদেৱে শিক্ষাৰ্থীসকলক সমালোচনামূলক চিন্তা, সমস্যা সমাধানৰ দক্ষতা, ব্যৱহাৰিক জ্ঞান আৰু সৃষ্টিশীলতাক নিজৰ শিক্ষাৰ অবিচ্ছেদ্য অংশ হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনায়। 

তেওঁ শিক্ষাৰ্থীসকলক উদ্দেশ্যি উল্লেখ কৰে যে, “বৰ্তমান সময়ত নম্বৰ অতি প্ৰয়োজনীয়, কিন্তু চিন্তাশক্তি, সমস্যা সমাধানৰ ক্ষমতা, ব্যৱহাৰিক জ্ঞান আৰু মূল্যবোধেই শিক্ষাৰ্থীৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঐতিহ্য আৰু ইতিহাসক হৃদয়ত ধাৰণ কৰি ভাৰতীয় সংস্কৃতিৰ প্ৰতি সন্মান ৰাখি নতুন জ্ঞান আৰু প্ৰযুক্তিৰ সৈতে নিজকে আগুৱাই যোৱাটো শিক্ষাৰ্থীৰ বাবে অতি প্ৰয়োজনীয়।”

অনুষ্ঠানত অৱসৰপ্ৰাপ্ত আই.পি.এছ. বিষয়া শ্ৰীযুত হীৰেন চন্দ্ৰ নাথে (Spl. ADGP,  SB, Assam) শিক্ষাৰ্থীসকলক আত্মবিশ্বাস, অধ্যৱসায় আৰু দায়িত্ববোধক জীৱনৰ সফলতাৰ অন্যতম আধাৰ হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

অসম গৌৰৱ বঁটা প্ৰাপক, বিশিষ্ট উদ্যোগপতি অনুপম ডেকাই শিক্ষাৰ্থীসকলক দক্ষতা আহৰণ কৰি উদ্ভাৱনী চিন্তা আৰু উদ্যোগী মানসিকতাৰে আত্মনিৰ্ভৰশীলতাৰ দিশে আগুৱাই যাবলৈ আহ্বান জনায়। তেওঁ শিক্ষাৰ্থীসকলক সময়ৰ সৈতে খাপ খুৱাই নতুন দক্ষতা আয়ত্ত কৰাৰ লগতে নিজৰ প্ৰতিভা আৰু সম্ভাৱনাক চিনাক্ত কৰি নতুন সুযোগ সৃষ্টি কৰিবলৈ উৎসাহিত কৰে।

অনুষ্ঠানত পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, শৈক্ষিক পঞ্জীয়ক অধ্যাপক ৰাজীৱ সন্দিকৈ, স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰবাল জ্যোতি শৰ্মা, বিভিন্ন অনুষদৰ ডীন, অধ্যাপক সমন্বিতে অভিভাৱক- অভিভাৱিকা আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে।

No comments

Powered by Blogger.