নাজিৰাৰ ৫ হেজাৰ বানপীড়িত ছাত্ৰ-ছাত্ৰীক শিক্ষা সামগ্ৰী প্ৰদান পাব্লিচাৰ্চ এণ্ড বুক চেলাৰ্চ গিল্ড, নৰ্থ-ইষ্টৰ
নাজিৰা, ২৬ আগষ্টঃ নাজিৰাৰ বানপীড়িত ছাত্ৰ-ছাত্ৰীৰ মাজত আজি বিনামূলীয়া শিক্ষা সামগ্ৰী বিতৰণ কৰা হয় পাব্লিচাৰ্চ এণ্ড বুক চেলাৰ্চ গিল্ড, নৰ্থ-ইষ্টৰ তৰফৰ পৰা ৷ ৰাইজৰ দান বৰঙনিৰে সংগৃহীত এই শিক্ষা সামগ্ৰী সমূহৰ ভিতৰত আছে বহী, কলম, পেঞ্চিল, ৰৱৰ,
পানী বটল, ক্লিপবৰ্ড, স্কুল বেগ, কিতাপৰ লগতে বিদ্যালয় লৈ অহা-যোৱা কৰিব পৰা চেণ্ডেল আৰু ছাতি৷ তদুপৰি বিদ্যালয়ৰ পুথিভঁৰালৰ বাবেও কিতাপ বিতৰণ কৰা হয় । এই সামগ্ৰী সমূহ প্ৰদান কৰিছে ফেডাৰেছন অৱ পাব্লিচাৰ্চ এণ্ড বুক চেলাৰ্চ এচোচিয়েশ্বন ইণ্ডিয়া নতুন দিল্লী, পাব্লিচাৰ্চ এণ্ড বুক চেলাৰ্চ গিল্ড, কলকতা, ফেডাৰেছন অৱ এডুকেছন অৱ ইণ্ডিয়া, অসম তথা উত্তৰ পূবৰ ৰাজ্য সমূহৰ বিভিন্ন প্ৰকাশক আৰু বিক্ৰেতা, এম বি ডি গ্ৰুপ অৱ পাব্লিকেছন, ড° ভৱেন্দ্ৰনাথ শইকীয়া শিশুকল্যাণ ন্যাস ‘আৰোহন’, তথা নতুন দিল্লী,কলকতা, বাংগালুৰু, জলন্ধৰ, পাটনা, মিৰাট, মুম্বাইৰ বিভিন্ন পুথি প্ৰকাশক- বিক্ৰেতা আৰু ব্যক্তি বিশেষে ৷ নাজিৰা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, চকীমুখ উচ্চ মাধ্যমিক বিদ্যালয় আৰু বাউলি মৈদাম হাইস্কুলত উপস্থিত হৈ গিল্ডৰ ৮ জনীয়া এটি দলে এই সামগ্ৰী সমূহ বিতৰণ কৰে৷ সাহায্য বিতৰণকাৰী দলটিত আছে সম্পাদক ধীৰাজ গোস্বামীৰ লগতে
নাৰায়ণ কেজৰিয়াল, বাহাৰুল ইছলাম চৌধুৰী, দেৱেন কলিতা, নীলাঞ্জন ভট্টাচাৰ্য, গৌতম বৰ্মন পংকজ ভাগৱতী আৰু প্ৰবোধ দাস৷ তেওঁলোকক সাহায্য বিতৰণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় লেখিকা-সমাজসেৱীকা অসমী গগৈ আৰু বিশিষ্ট ব্যৱসায়ী প্ৰশান্ত বৰঠাকুৰে৷ ইয়াত আজি পাঁচ হাজাৰ ছাত্ৰ ছাত্ৰীৰ মাজত এই সামগ্ৰী সমূহ বিতৰণ কৰে গিল্ডে৷ উল্লেখ্য যে পাব্লিচাৰ্চ এণ্ড বুক চেলাৰ্চ গিল্ড, নৰ্থ-ইষ্টৰ বিষয়ববীয়া সকলে সাক্ষাৎ কৰে বিশিষ্ট ইউটিউবাৰ, সমাজসেৱক সময় গগৈৰ সহযোগী যজাতি গগৈক ৷ শিৱসাগৰ আৰু চৰাইদেওৰ ছাত্ৰ -ছাত্ৰীসকলৰ বাবে গিল্ডে আগবঢ়োৱা সামগ্ৰী সমূহ যথোচিত বিতৰণৰ বাবে যজাতি গগৈৰ হাতত অৰ্পণ কৰা হয়৷ গিল্ডৰ সম্পাদক, বিশিষ্ট প্ৰকাশক, অসম বুক হাইভৰ স্বত্বাধিকাৰী ধীৰাজ গোস্বামীয়ে এক বিবৃতিত কয় ——“ বান প্ৰলয়ে যি ভয়াৱহ ধ্বংসলীলা চলালে সেয়া দেখি বৰকৈ মনোকষ্ট পাইছোঁ৷ আমাৰ এই সাহায্য সামান্য মাত্ৰ৷ বহু দল-সংগঠন আৰু ব্যক্তি বিশেষে বানাক্ৰান্ত ৰাইজলৈ সহায়ৰ হাত আগবঢ়াইছে৷ আমি আশা কৰিম বনাপীড়িত অঞ্চলৰ শিক্ষা ব্যৱস্থাৰ পৰিকাঠামো চৰকাৰে পুনৰ গঢ়ি তুলিব ৷ ছাত্ৰ-ছাত্ৰীসকলে পূৰ্বৰ বিদ্যায়তনিক পৰিৱেশ ঘূৰাই পাওক, এয়ে আমাৰ প্ৰাৰ্থনা ৷ ইয়াৰ বাবে অনাগত সময়তো আমি সাধ্যানুসাৰে সহযোগিতা আগবঢ়াই যাম৷”
No comments