Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক লাচিত শইকীয়াৰ মৃত্যু


 

গুৱাহাটী ,২৫ আগষ্ট: প্ৰাক্তন ছাত্ৰ নেতা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক , উত্তৰ লখিমপুৰ জিলাৰ ঢলপুৰ শিমলুগুৰি চোমধৰা মধ্য ইংৰাজী বিদ্যালয়ৰ কৃতি শিক্ষক লাচিত শইকীয়াৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ ২৪ আগষ্টত গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত মৃত্যু হয়। 

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৬ বছৰ। ১৯৮০ চনৰ ৩১ ডিচেম্বৰত উত্তৰ লখিমপুৰ জিলাৰ ঢলপুৰ মৌজাৰ বড়িগাঁৱত জন্মগ্ৰহণ কৰা লাচিত শইকীয়া সদৌ অসম ছাত্ৰ সন্থাৰ এজন সক্ৰিয় কৰ্মী হোৱাৰ লগতে ছাত্ৰ নেতা হিচাপেও জনপ্ৰিয় আছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ২০০২-০৩ বৰ্ষত সহকাৰী সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা লাচিত শইকীয়াই ২০০৫ চনত এম এ পাছ কৰাৰ পাছত শিক্ষকতা বৃত্তিত জড়িত হৈ পৰে।

 মৃত্যুৰ সময়ত তেওঁ মাতৃ বিজয়া শইকীয়া , পত্নী লক্ষী শইকীয়া , একমাত্ৰ পুত্ৰ যুৱৰাজ শইকীয়া , জ্যেষ্ঠ ভাতৃ ৰাণা শইকীয়াকে ধৰি বহু আত্মীয় স্বজন এৰি থৈ যায়। সমাজ সংগঠক, মানৱতাবাদী , অমায়িক স্বভাৱৰ পৰোপকাৰী ব্যক্তি হিচাপে পৰিচিত লাচিত শইকীয়াৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। তেওঁৰ অকাল মৃত্যুত ঢলপুৰ আঞ্চলিক ছাত্ৰ সন্থা, শাখা সাহিত্য সভা, লখিমপুৰ জিলা শিক্ষক সন্থা, বডিগাওঁ নামঘৰ সমিতিকে ধৰি বিভিন্ন অনুষ্ঠান - প্ৰতিষ্ঠানে গভীৰ শোক ব্যক্ত কৰি শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদেহ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনায়।

No comments

Powered by Blogger.