পৰম্পৰাগত ধৰ্মীয় কাৰ্যসূচীৰে আজাৰাত পাঁচদিনীয়াকৈ শ্ৰী শ্ৰীমনসা পূজা আৰম্ভ
গুৱাহাটী , ৩ আগষ্ট : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ দীপৰ বিলৰ কাষৰীয়া আজাৰা কেওটপাৰাত ১৯৭৩ চনত প্ৰতিষ্ঠা কৰা শ্ৰী শ্ৰী মা মনসা মন্দিৰত নাগ পঞ্চমী তিথিৰ লগত সংগতি ৰাখি বিগত বৰ্ষৰ দৰে এইবেলিও ২ আগষ্টৰ পৰা পৰম্পৰাগত পাঁচদিনীয়া ধৰ্মীয় কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰী শ্ৰীমনসা পূজা । ২ আগষ্টৰ দিনা সন্ধিয়া ৭.৩০ বজাত প্ৰতিমা স্থাপন , দেৱীৰ আমন্ত্ৰণ আৰু অধিবাস , নিশা ৮ বজাত ওজাপালি আৰু ৮.৩০ বজাত দেউধা নাচৰে শ্ৰী শ্ৰী মনসা পূজাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ।
আনহাতে আজি দ্বিতীয় দিনা নাগ পঞ্চমী উপলক্ষে পুৱাৰে পৰা লোকে লোকাৰণ্য হৈ পৰে মনসা পূজাৰ থলী। আনকি দুপৰীয়া ১ বজাৰ পৰা প্ৰায় ২ বজালৈ এজাক মজলীয়া পৰিমাণৰ বৰষুণ আহে যদিও বৰষুণক নেওচিও হাজাৰ হাজাৰ ভক্তই মনসা দেৱীৰ আশীষ লবলৈ ভিৰ কৰা পৰিলক্ষিত হয়। পূজাৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আটাইকেইদিনতে দেওধা নাচ , নাগাৰা নাম , বলিদান , আৰতি , পুজা , হোম , ভোগ বিতৰণ , আয়তীৰ নাম , আৰু সন্ধিয়াৰ পৰা পুৰুষ আৰু মহিলাৰ নাগাৰা নাম , যাত্ৰাভিনয় আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হব ।
৬ আগষ্ট শেহৰ দিনা পুৱা ৯ বজাৰ পৰা দেৱীৰ পূজা আৰম্ভ, ১১.৩০ বজাত দেৱীৰ চৰণ দৰ্পন, সন্ধিয়া ৭ বজাত কেওটপাৰা ৰাজহুৱা পুখুৰীত প্ৰতিমা বিসৰ্জন , নিশা ৮ বজাত আয়তীৰ নাম আৰু নিশা ৯ বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব। আনহাতে সকলো ঠিকে থাকে থাকিলে ৪ আগষ্টৰ দিনা স্থানীয় বিধায়ক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মন্দিৰত উপস্থিত হৈ পূজাৰ কাৰ্যসূচীত ভাগ লৈ দেৱীৰ আশীষ গ্ৰহণ কৰাৰ কথা আছে বুলি পূজা পৰিচালনা সমিতিৰ কৰ্মকৰ্তাসকলে জানিবলৈ দিছে।

No comments