Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

ৰাণীত ১৭৫ বেটেলিয়ান চি আৰ পি এফৰ উদ্যোগত মহিলা - যুৱতীৰ বাবে চিলাই প্ৰশিক্ষণ কাৰ্যসূচী


 

গুৱাহাটী, ২৩ আগষ্টঃ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ উদ্যোগত  জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে মহিলা - যুৱতীৰ বাবে ১৯ আগষ্টৰ পৰা ২০ দিনীয়াকৈ এক উন্নতমানৰ চিলাই প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে । বৃহত্তৰ ৰাণী অঞ্চলৰ আৰ্থিকভাৱে পিছপৰা ১২গৰাকী মহিলা-যুৱতীক এই কাৰ্যসূচীৰ অধীনত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।  

কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত ১৭৫ চি আৰ পি এফ  বেটেলিয়নৰ কমাণ্ডেণ্ট এন এন কে প্ৰসাদে মুখ্য অতিথিৰূপে উপস্থিত থাকি কয় যে আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে সময়ে সময়ে জনহিতকৰ কাৰ্যসূচী আয়োজন কৰি আহিছো।

 য’ত স্থানীয় ৰাইজৰ মাজত চিলাই মেচিন, চাইকেল, গ্ৰন্থ আৰু ষ্টেচনাৰী সামগ্ৰী, চিকিৎসা, স্থাস্থ্য পৰীক্ষা আৰু ঔষধ বিতৰণ, শ্ৰেণীকোঠা মেৰামতি, ৰাজহুৱা শৌচাগাৰ, বিদ্যালয়ত বাথৰুম, যাত্ৰী জিৰণী চ’ৰা নিৰ্মাণ, সৌৰ শক্তি চালিত ষ্ট্ৰীট লাইট স্থাপন, ক্ৰীড়ানুষ্ঠান, দক্ষতা বিকাশ শিৱিৰ, কোচিং ক্লাছৰ আয়োজন কৰি অহা হৈছে।   অনুষ্ঠানত  ছেকেণ্ড ইন কমাণ্ড অমিত সিনহা, ডেপুটী কমাণ্ডেণ্ট বিৰাট কুমাৰ সিং আৰু অমিত যোশী, জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অজয় কুমাৰকে ধৰি  বাহিনীটোৰ  কেবাজনো  বিষয়া  উপস্থিত থাকে । উল্লেখ্য যযে বাহিনীটোৰ উদ্যোগত আৰ্থিকভাবে দুৰ্বল শিক্ষাৰ্থীৰ বাবে এটা এমহীয়া কম্পিউটাৰ প্ৰশিক্ষণ কাৰ্যসূচী চলি আছে।

No comments

Powered by Blogger.