Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

অসম ডনবস্কো বিশ্ববিদ্যালয়ত 'কৃত্ৰিম বুদ্ধিমত্তা সক্ষম জৰুৰীকালীন সংযোগ ব্যৱস্থা' শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা-চক্ৰ


 গুৱাহাটী , ২২ আগষ্ট : অখিল ভাৰতীয় কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ পৃষ্ঠপোষকতাত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত  অসম ডনবস্কো বিশ্ববিদ্যালয়ত ২০ আৰু ২১ আগষ্টত  'কৃত্ৰিম বুদ্ধিমত্তা সক্ষম জৰুৰীকালীন সংযোগ ব্যৱস্থা'  (AI-enabled Resilient Communication Systems for Disaster Response and Emergency Connectivity) শীৰ্ষক এখন দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হয়।  বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ফাডাৰ ডঃ জ’ছ পেলেলি আৰু সম উপাচাৰ্য ফাডাৰ যোচেফ নেল্লানাটৰ নেতৃত্বত অনুষ্ঠিত এই আলোচনা চক্ৰখনৰ সমন্বয়ক আছিল ডঃ  দেৱশ্ৰী বৰঠাকুৰ আৰু সহ-সমন্বয়ক আছিল ডঃ স্মৃতি প্ৰিয়া মেধি । ২০ আগষ্টৰ উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ  ৰাজ্যিক প্ৰকল্প বিষয়া ডঃ কৃপালজ্যোতি মজুমদাৰে ভাষণ প্ৰসংগত উত্তৰ-পূৰ্বাঞ্চলৰ দৰে দুৰ্যোগ প্ৰৱণ অঞ্চলত নিৰ্ভৰযোগ্য যোগাযোগ ব্যৱস্থা, প্ৰযুক্তিগত প্ৰস্তুতি আৰু সমন্বিত দুৰ্যোগ প্ৰতিক্ৰিয়া ব্যৱস্থাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে ।

এই আলোচনা-চক্ৰৰ এক উল্লেখযোগ্য বৈশিষ্ট্য হ’ল  AICTE-VAANI উদ্যোগৰ অধীনত মণিপুৰী ভাষাত ইয়াৰ আয়োজন আৰু  মূল উদ্দেশ্য হৈছে আঞ্চলিক ভাৰতীয় ভাষাৰ জৰিয়তে কাৰিকৰী শিক্ষা আৰু জ্ঞানৰ প্ৰসাৰ ঘটোৱা ।আলোচনা-চক্ৰখনত উত্তৰ-পূৰ্বাঞ্চলৰ ভৌগোলিক বৈশিষ্ট্য, যোগাযোগৰ সীমাবদ্ধতা আৰু প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি থকা দুৰ্বলতা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, অসম অভিযান্ত্ৰিক মহাবিদ্যালয় , ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান মণিপুৰ আৰু অসম ডনবস্কো  বিশ্ববিদ্যালয়কে ধৰি অঞ্চলটোৰ কেইবাখনো আগশাৰীৰ শিক্ষানুষ্ঠানৰ বিশিষ্ট সমল ব্যক্তিসকলে আলোচনা-চক্ৰখনত বিভিন্ন কাৰিকৰী অধিৱেশনত অংশগ্ৰহণ কৰে আৰু বিশেষজ্ঞ মতামত আগবঢ়ায় । আলোচনা চক্ৰত উপগ্ৰহ যোগাযোগ, ৬ জি  এণ্টেনা ডিজাইন, কোৱাণ্টাম-সহায়িত যোগাযোগ নেটৱৰ্ক আৰু বানপানীৰ আশংকা ব্যৱস্থাপনাত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ আদি অত্যাধুনিক বিষয়সমূহৰ ওপৰত কাৰিকৰী আলোচনা অনুষ্ঠিত হয় ।  ৰাষ্ট্ৰীয় আলোচনা চক্ৰখনে দক্ষতা বিকাশ, জ্ঞানৰ আদান-প্ৰদান আৰু আন্তঃবিষয়ক গৱেষণাৰ বাবেও এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে।

No comments

Powered by Blogger.