Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

এন ডি আৰ এফৰ দলে লাচিত ঘাটত ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত পৰি যোৱা মহিলাক উদ্ধাৰ



গুৱাহাটী ,১৯ আগষ্ট : ৰাখে হৰি মাৰে কোনে আৰু মাৰে হৰি ৰাখে কোনে। এই আপ্ত বাক্যশাৰী আজি  প্ৰতীয়মান হল গুৱাহাটীৰ লাচিত ঘাটত। কিয়নো দুপৰীয়া প্ৰায় ২.৫ কিলোমিটাৰ ব্ৰহ্মপুত্ৰত পানীত উটি অহা অৱস্থাত এজনী ৫৭ বছৰীয়া মহিলাক জীৱন্তে উদ্ধাৰ কৰে  প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী ( এন ডি আৰ এফ) ৰ এটা দলে। 

পানীত ডুব গৈ মৃত্যুৰ দুৱাৰডলীৰ পৰা উভতি অহা  মহিলাগৰাকীক নলবাৰী জিলাৰ ধুপাৰতল গাঁৱৰ  ৫৭ বছৰীয়া খান্তেশ্বৰী খটনা  বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে দিনৰ প্ৰায় ১১.০৫ মান বজাত উজানবজাৰ ঘাটত থকা এন ডি আৰ এফ বাহিনীৰ শিৱিৰত এটা খবৰ আহে যে গেটৱে অৱ গুৱাহাটীৰ সমীপত উত্তৰ গুৱাহাটী অভিমুখী ফেৰী এখনৰ পৰা ব্ৰহ্মপুত্ৰত এজনী মহিলা ব্ৰহ্মপুত্ৰত পৰি গৈছে।


 খবৰ পোৱা মাত্ৰকে পৰিদৰ্শক অনুৰাগ সিঙৰ নেতৃত্বত এটা দলে ততালিকে বিশেষ উদ্ধাৰকাৰী বোট লৈ পাণবজাৰলৈ আহে। তাৰ পাছত পানীৰ প্ৰচণ্ড সোত স্বত্বেও অভিযান চলাই পৰি যোৱা স্থানৰ পৰা প্ৰায় ২.৫ কিলোমিটাৰ নিলগত মাছখোৱাৰ লাচিত ঘাটৰ সমীপত  মহিলাজনীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে কিছু পৰিমাণে অসুস্থ হৈ পৰা মহিলাজনীক প্ৰাথমিক চিকিৎসা প্ৰদানৰ অন্তত স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।  সম্প্ৰতি মহিলাগৰাকী সুস্থ আৰু বিপদমুক্ত বুলি জানিব পৰা গৈছে।

No comments

Powered by Blogger.