ডিজিটেল প্ৰকাশন ‘ত্ৰাতৃ’ৰ মাধ্যমেৰে উন্নাভৰ দুখনকৈ গ্ৰন্থ উন্মোচন
গুৱাহাটী, ১৬ আগষ্ট : অসমীয়া ভাষা-সাহিত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত যুগোপযোগী পদক্ষেপ গ্ৰহণ কৰি অহা অসমৰ অন্যতম সাহিত্য গোষ্ঠী ‘উন্নাভ’ৰ উদ্যোগত ১৪ আগষ্টত ডিজিটেল প্ৰকাশন ‘ত্ৰাতৃ’ৰ মাধ্যমেৰে দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত ডিজিটেল মাধ্যমক সুদূৰপ্ৰসাৰী কৰাৰ উদ্দেশ্যে ‘উন্নাভ’ৰ এই অনুষ্ঠান অনলাইনযোগে অনুষ্ঠিত হয়। সমগ্ৰ অনুষ্ঠানটো সঞ্চালনা কৰে বিশিষ্ট লেখিকা মণিৰূপা মিশ্ৰই। অনুষ্ঠানৰ আৰম্ভণিতে উন্নাভ বামুণীমৈদামৰ সম্পাদক নিৰ্মিতা বৰগোহাঁয়ে উন্নাভৰ জন্মলগ্নৰ পৰা বৰ্তমানলৈকে যাত্ৰা, কৰ্মধাৰা আৰু অগ্ৰগতিৰ বিষয়ে আলোকপাত কৰি সভাখন উদ্বোধন কৰে।
অনুষ্ঠানত বিশিষ্ট কবি মনীষা শৰ্মাৰ সম্পাদনাত প্ৰকাশিত বৰ্ষা ঋতু বিশেষ সংখ্যা ‘উন্নাভ মৰিগাঁও—বাৰিষাৰ বৰ্ণমালা’ উন্মোচন কৰে উন্নাভৰ মুখ্য উপদেষ্টা মৃদুল শৰ্মাই। আনহাতে, মৃদুস্মিতা শৰ্মাৰ মুখ্য সম্পাদনা আৰু বিশিষ্ট কবি গায়ত্ৰী দেৱী বৰঠাকুৰৰ সম্পাদনাত ‘উন্নাভ শোণিতপুৰ’ৰ পৰা প্ৰকাশিত ৰোমাণ্টিক গল্প-কবিতা বিষয়ক বিশেষ সংখ্যা ‘জোনাকী অনুৰাগ’ উন্মোচন কৰে সদৌ অসম লেখিকা সমাৰোহৰ প্ৰাক্তন সভানেত্ৰী তথা বিশিষ্ট লেখিকা ডঃ চাৰু চহৰীয়া নাথে।
দুখনকৈ গ্ৰন্থ উন্মোচনৰ এই অনুষ্ঠানত ‘ত্ৰাতৃ’ৰ স্বত্বাধিকাৰী ত্ৰিদিপ বৰুৱাই অসমীয়া ভাষা-সাহিত্যৰ প্ৰযুক্তিগত বিকাশৰ ক্ষেত্ৰত ডিজিটেল প্ৰকাশন আৰু ই-বুক প্লেটফৰ্মৰ যুগোপযোগী পদক্ষেপৰ গুৰুত্ব সম্পৰ্কে বক্তব্য আগবঢ়ায়। অনুষ্ঠানত উন্নাভ মৰিগাঁৱৰ মুখ্য উপদেষ্টা মৃদুল কুমাৰ শৰ্মা, উন্নাভ শোণিতপুৰৰ মুখ্য উপদেষ্টা ৰিঞ্জুমণি নেওগ বৰা, উপদেষ্টা ডঃ অঞ্জনা গোস্বামী, মৃদুল চহৰীয়া, আঞ্জুম আৰা হোছেন, মিনাক্ষী দেৱীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বক্তব্য আগবঢ়াই অনুষ্ঠানটোৰ তাৎপৰ্য আৰু ডিজিটেল মাধ্যমত অসমীয়া ভাষা-সাহিত্যৰ প্ৰসাৰৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰে।
যুৱশিল্পী ঈশানী গৌতমে গীত পৰিৱেশন কৰাৰ লগতে মালৱিকা শৰ্মা, প্ৰবাল গোস্বামী আৰু মনীষা শৰ্মাই কবিতা পাঠ কৰে। ইয়াৰ উপৰি ৰীতা মিশ্ৰ, শেৱালি শৰ্মা বৰকটকী, স্মৃতিৰেখা গোঁহাই, কল্পনা বৰা দত্ত, পাপৰি দেৱী, জগদীশ নাথ, দিপান্বিতা শৰ্মা, জুনুকা পাঠক, ৰুলী গোঁহাই দীপাঞ্জলি কাকতি হাজৰিকা আদিকে ধৰি বহু সাহিত্যপ্ৰেমী অনুষ্ঠানত উপস্থিত থাকে। অসমীয়া ভাষা-সাহিত্যৰ ডিজিটেল যাত্ৰাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে গ্ৰন্থ প্ৰকাশৰ এই পদক্ষেপে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰাৰ আশা প্ৰকাশ কৰা হয়। শেষত শলাগৰ শৰাই আগবঢ়ায় সঞ্চালিকা মণিৰূপা মিশ্ৰই ।


No comments