Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটী বিশ্ববিদ্যালয়ত পাঁচ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ কেন্দ্ৰীয় দীক্ষাৰম্ভ অনুষ্ঠান


গুৱাহাটী, আগষ্ট ১০, ২০২৬ : নতুন সপোন, নতুন সম্ভাৱনা আৰু জ্ঞানৰ অন্বেষণেৰে উচ্চ শিক্ষাৰ এক নতুন অধ্যায়ৰ আৰম্ভণিৰ উদ্দেশ্যৰে সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত পাঁচ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ কেন্দ্ৰীয় দীক্ষাৰম্ভ অনুষ্ঠান সম্পন্ন হয়। 


শ্ৰেণীসমূহৰ সচিব ড⁰ ৰঞ্জন কুমাৰ কাকতিৰ আৰম্ভণি ভাষণেৰে আৰম্ভ হোৱা উক্ত অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰি উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তদেৱে উল্লেখ কৰে যে, “গুৱাহাটী বিশ্ববিদ্যালয় কেৱল উচ্চ শিক্ষাৰ এক প্ৰতিষ্ঠান নহয়, ই অসমৰ এক জীৱন্ত ঐতিহ্য আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম পুৰণি জ্ঞানকেন্দ্ৰ। অসমৰ জনসাধাৰণৰ আকাংক্ষা আৰু ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ দূৰদৰ্শী নেতৃত্ব আৰু সহযোগিতাৰ ফলত প্ৰতিষ্ঠিত এই বিশ্ববিদ্যালয়ে গুণগত শিক্ষা, গৱেষণা, দক্ষতা বিকাশ আৰু উদ্ভাৱনৰ জৰিয়তে নিজৰ ঐতিহ্যক নিৰন্তৰ সমৃদ্ধ কৰি আহিছে। নৱাগত শিক্ষাৰ্থীসকলে জ্ঞানৰ অন্বেষণ, নতুন দক্ষতা আহৰণ আৰু বিশ্ববিদ্যালয়ে আগবঢ়োৱা সুযোগসমূহৰ সৰ্বোত্তম ব্যৱহাৰ কৰিব বুলি আমি বিশ্বাসী। তেওঁলোকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূল্যবোধ আৰু ঐতিহ্যক আগুৱাই নি অসম তথা দেশৰ প্ৰতি অৰ্থপূৰ্ণ অৱদান আগবঢ়াব বুলি আমি আশাবাদী।”

অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰি আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙে শিক্ষাৰ্থীসকলক প্ৰেৰণা যোগাই কয় যে, জীৱনত সফলতা লাভৰ বাবে জ্ঞানৰ লগতে শৃংখলা, আত্মবিশ্বাস, অধ্যৱসায় আৰু দায়িত্ববোধৰ প্ৰয়োজন। তেওঁ শিক্ষাৰ্থীসকলক নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰি দৃঢ়তা, নিষ্ঠা আৰু ইতিবাচক মানসিকতাৰে আগবাঢ়িবলৈ আহ্বান জনায়।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম গৌৰৱ বঁটা বিজয়ী, ফিটনেছ প্ৰশিক্ষক তথা এডভেঞ্চাৰ বাইকাৰ মীনাক্ষী দাসে নিজৰ জীৱনৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰি শিক্ষাৰ্থীসকলক আত্মবিশ্বাস, অধ্যৱসায় আৰু দৃঢ়তাৰে নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে।

ড⁰ ধূৰ্জ্জটি শৰ্মাই আঁতধৰা উক্ত অনুষ্ঠানত পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, শৈক্ষিক পঞ্জীয়ক অধ্যাপক ৰাজীৱ সন্দিকৈ, স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি গুঞ্জন ডেকা, বিভিন্ন অনুষদৰ ডীন, অধ্যাপক সমন্বিতে অভিভাৱক তথা শিক্ষাৰ্থীসকল উপস্থিত থাকে।

No comments

Powered by Blogger.