Saturday, August 8, 2026

গুৱাহাটী পৌৰ নিগমৰ ১নং ৱাৰ্ডৰ উদ্যোগত বিহুবৰ মাজগাঁওত বানপীড়িত লোকক সাহায্য প্ৰদান।


 গুৱাহাটী , ৮ আগষ্ট:  বৰ্তমানৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলাৰ বিহুবৰ মাজগাঁৱত বানপীড়িত দুখীয়া তথা অসহায় লোকসকলৰ মাজত আজি সাহায্য সামগ্ৰী বিতৰণ কৰা হয়। গুৱাহাটী পৌৰ নিগমৰ ১নং ৱাৰ্ডৰ পাৰিষদ হুকুম চান্দ আলি বক্সীৰ নেতৃত্বত তথা গাড়ীগাও , সদিলাপুৰ , খানামুখ  , লঙকেশ্বৰ অঞ্চলৰ ৰাইজৰ সহযোগত এই পদক্ষেপ গ্ৰহণ কৰা হয়।

উক্ত সাহায্য সামগ্ৰী প্ৰদান কাৰ্যসূচীত ৱাৰ্ডটোৰ বুথ সভাপতিসকলৰ লগতে কৃষাণ মৰ্চা আৰু সংখ্যালঘু মৰ্চাৰ কৰ্মকৰ্তা সকলে সক্ৰিয়ভাৱে সহযোগ আগবঢ়ায়।


দুৰ্যোগৰ এই সময়ত ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যেৰে গ্ৰহণ কৰা এই প্ৰশংসনীয় পদক্ষেপক স্থানীয় সচেতন মহলে সাদৰেৰে গ্ৰহণ কৰিছে।

No comments:

Post a Comment