অনা চৰকাৰী সংস্থা “খোজ”ৰ উদ্যোগত নাজিৰা সমষ্টিত বান সাহাৰ্য বিতৰণ
গুৱাহাটী,৩ আগষ্ট : জালুকবাৰী সমষ্টিৰ অনা চৰকাৰী সংস্থা খোজৰ উদ্যোগত বান বিভিষিকাই ক্ষতিগ্ৰস্ত কৰা শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ বামুনপুখুৰী , গোহাঁইবাৰী অঞ্চলত প্ৰায় দুশটা পৰিয়ালক আজি বান সাহাৰ্য বিতৰণ কৰা হয়।
বিশিষ্ট অভিনেত্ৰী, খোজৰ উপদেষ্টা আশা বৰদলৈ , উপ সভাপতি পুলক কলিতা, সাধাৰণ সম্পাদক মদন দাস, সম্পাদক ধীৰাজ ঠাকুৰীয়া, কোষাধ্যক্ষ কুশল মালী, সদস্যা ববিতা কুমাৰী ,,চাহ জনগোষ্ঠীয় সংগঠনৰ শিৱসাগৰ জিলাৰ সম্পাদক নৰেন গোৱালা, নাজিৰা মণ্ডলৰ উপ-সভাপতি ৰেখা বৰুৱাকে ধৰি ভালেকেইজন ব্যক্তিৰ উপস্থিতিত বানাক্ৰান্ত ৰাইজৰ মাজত বান সাহায্য বিতৰণ কৰা হয় কৰা হয় ।


No comments