Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটী বিশ্ববিদ্যালয়ত Data Analytics for Research শীৰ্ষক কৰ্মশালাৰ সামৰণি


গুৱাহাটী, জুলাই ২৫, ২০২৬ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত তথা ব্যৱসায় প্ৰশাসন বিভাগ আৰু ভূগোল বিজ্ঞান বিভাগৰ সহযোগত ২০ জুলাইৰ পৰা ২৪ জুলাই, ২০২৬ লৈ আয়োজিত 'Data Analytics for Research' শীৰ্ষক পাঁচদিনীয়া কৰ্মশালাৰ সফল সামৰণি পৰে। 

গুৱাহাটী বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়, বেনাৰস হিন্দু ইউনিভাৰ্চিটি, তেজপুৰ বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, ত্ৰিপুৰা বিশ্ববিদ্যালয়, নৰ্থ-ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটি, সাৱিত্ৰীবাই ফুলে পুনে বিশ্ববিদ্যালয়, টাটা ইনষ্টিটিউট অফ ছ'চিয়েল চাইন্সেছ, বিদ্যাসাগৰ বিশ্ববিদ্যালয়কে ধৰি দেশৰ ২৮খন বিশ্ববিদ্যালয় আৰু অন্যান্য উচ্চ শিক্ষানুষ্ঠানৰ অংশগ্ৰহণকাৰীৰ উপস্থিতিয়ে কৰ্মশালাখনক এক শৈক্ষিক মিলনভূমিত পৰিণত কৰে। ইয়াৰোপৰিও, ছৌদি আৰবৰ ইউনিভাৰ্চিটি অৱ হাইলৰ প্ৰতিনিধিৰ অংশগ্ৰহণে কৰ্মশালাখনত এক আন্তঃৰাষ্ট্ৰীয় মাত্ৰা সংযোজন কৰে। শৈক্ষিক মহলৰ পৰা অত্যন্ত উৎসাহজনক সঁহাৰি লাভ কৰা উক্ত কৰ্মশালাত অধ্যাপক, গৱেষক, স্নাতকোত্তৰ শিক্ষাৰ্থী আৰু পেছাদাৰী ব্যক্তিকে ধৰি মুঠ ৯৮ গৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে। 

ড° সমীৰ চৰকাৰ আৰু ড° নৱজিৎ দাসে যুটীয়া সমন্বয়কৰ দায়িত্ব পালন কৰা উক্ত কৰ্মশালাত সমল ব্যক্তিৰূপে উপস্থিত থাকি আইআইটি দিল্লীৰ প্ৰাক্তন ছাত্ৰ ড° সৌৰভ আগৰৱালে তথ্য বিশ্লেষণৰ লগত জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ দিশ আলোকপাত কৰে। 

কৰ্মশালাখনৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰি শৈক্ষিক পঞ্জীয়ক অধ্যাপক ৰাজীৱ সন্দিকৈয়ে উল্লেখ কৰে যে, “বৰ্তমান সময়ত মানসম্পন্ন গৱেষণাৰ বাবে তথ্য-ভিত্তিক বিশ্লেষণৰ দক্ষতা এক  অপৰিহাৰ্য বিষয়। এনে ধৰণৰ কৰ্মশালাই গৱেষক আৰু শিক্ষাৰ্থীসকলক আধুনিক গৱেষণা-পদ্ধতি আৰু নতুন প্ৰযুক্তিৰ সৈতে পৰিচিত কৰোৱাৰ লগতে তেওঁলোকৰ গৱেষণাক অধিক বিজ্ঞানসন্মত, নিৰ্ভৰযোগ্য আৰু ফলপ্ৰসূ কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।”

কৰ্মশালা সম্পৰ্কে ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক অধ্যাপক ধ্ৰুৱজ্যোতি চহৰীয়াই কয় যে অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এক শক্তিশালী আৰু মানসম্পন্ন গৱেষণাৰ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰই বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি যাব। 

সময়োপযোগী পাঁচদিনীয়া কৰ্মশালাত অংশগ্ৰহণকাৰীসকলে গুগল ক'লেব প্লেটফৰ্মত পাইথন ব্যৱহাৰ কৰি বিভিন্ন পৰিসংখ্যাগত বিশ্লেষণৰ প্ৰয়োগিক দিশসমূহৰ ওপৰত প্ৰশিক্ষণ লাভ কৰে। অংশগ্ৰহণকাৰীসকলে অনুষ্ঠানটোৰ প্ৰতি গভীৰ সন্তুষ্টি প্ৰকাশ কৰি ভৱিষ্যতেও ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰই এনে ধৰণৰ গৱেষণামুখী কাৰ্যসূচী নিয়মীয়াকৈ আয়োজন কৰাৰ আশা ব্যক্ত কৰে।

No comments

Powered by Blogger.