Wednesday, July 8, 2026

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অতিথিশালা সম্পৰ্কে আনুষ্ঠানিক স্পষ্টীকৰণ


 

গুৱাহাটী ,8  জুলাই  গুৱাহাটী বিশ্ববিদ্যালয়ৰ অতিথিশালাটো বিশ্ববিদ্যালয়লৈ অহা বিভিন্ন শ্ৰেণীৰ অতিথিৰ সুবিধাৰ বাবে দীৰ্ঘদিন ধৰি ব্যৱহৃত হৈ আহিছে। ইয়াত বাচনি সমিতিৰ সদস্য, বহিঃপৰীক্ষক, মৌখিক পৰীক্ষাৰ বিশেষজ্ঞ, অতিথি অধ্যাপক, বিশিষ্ট ব্যক্তি, প্ৰাক্তন তথা বৰ্তমানৰ ছাত্ৰ- ছাত্ৰী, অভিভাৱকৰ লগতে বিভিন্ন শিক্ষামূলক, প্ৰশাসনিক আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰতিনিধি আৰু অন্যান্য অতিথিসকলে অতিথিশালাৰ নিয়মীয়া সুবিধা লাভ কৰে।

বিগত বৰ্ষসমূহত বিশ্ববিদ্যালয়ৰ শিক্ষামূলক আৰু প্ৰশাসনিক কাৰ্যকলাপ যথেষ্ট বৃদ্ধি পোৱাৰ ফলত অতিথিশালাৰ ব্যৱহাৰো বহু গুণে বৃদ্ধি পাইছে। সেই অনুসৰি বৰ্তমানৰ ডাইনিং হলটো সকলো অতিথিৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ পৰ্যাপ্ত হৈ থকা নাই। একে সময়তে অতিথিশালাৰ পাকঘৰ, ভঁৰাল আৰু কৰ্মচাৰীৰ আবাসো দীৰ্ঘদিন ধৰি জীৰ্ণ হৈ পৰাত ইয়াৰ উন্নয়ন অতি প্ৰয়োজনীয় হৈ উঠিছিল। এই বাস্তৱ প্ৰয়োজনীয়তাক লক্ষ্য ৰাখিয়েই বিশ্ববিদ্যালয়ৰ নিৰ্মাণ সমিতিয়ে এটা নতুন ডাইনিং হলৰ লগতে নতুন পাকঘৰ, ভঁৰাল আৰু কৰ্মচাৰী আবাস নিৰ্মাণৰ সিদ্ধান্ত অনুমোদন কৰে।

দৰ-পত্ৰৰ নথিপত্ৰ প্ৰস্তুত কৰাৰ সময়ত অসাৱধানৱশতঃ এখন নথিত 'VIP Dinning Hall' শব্দ ব্যৱহাৰ হৈছিল। উল্লেখযোগ্য যে, এই শব্দটো কেৱল বিশ্ববিদ্যালয়লৈ অহা অতিথি অধ্যাপক, বিশেষজ্ঞ, বিশিষ্ট ব্যক্তি আদি অতিথিসকলক বুজাবলৈ অতীতত অভ্যন্তৰীণভাৱে ব্যৱহৃত এক অনানুষ্ঠানিক পত্ৰত উল্লেখ কৰা হৈছিল।  ইয়াৰ সৈতে প্ৰকল্পটোৰ উদ্দেশ্য, পৰিসৰ বা ব্যৱহাৰৰ কোনো সম্পৰ্ক নাছিল।

উক্ত ভুল ধৰা পৰাৰ লগে লগেই ২৪ জুন ২০২৬ তাৰিখে জাৰি কৰা Letter of Intent-ত প্ৰকল্পটোৰ নাম সঠিকভাৱে 'Construction of a Dinning Hall at the Gauhati University Guest House' হিচাপে সংশোধন কৰা হয়। লগতে, প্ৰাৰম্ভিক দৰ-পত্ৰৰ নথিত এই ভুল শব্দ ব্যৱহাৰ হোৱাৰ কাৰণত বিশ্ববিদ্যালয়ে অভিযান্ত্ৰিক বিভাগৰ ভাৰপ্ৰাপ্ত অভিযন্তাক উক্ত ভুলৰ কাৰণ বিচাৰি নিৰ্দেশনা জাৰি কৰিছে। 

গুৱাহাটী বিশ্ববিদ্যালয়ে পুনৰ স্পষ্ট কৰি জনাইছে যে, এই প্ৰকল্পৰ একমাত্ৰ উদ্দেশ্য হৈছে বিশ্ববিদ্যালয়ৰ বৃদ্ধি পোৱা শিক্ষামূলক আৰু প্ৰশাসনিক কাৰ্যকলাপৰ প্ৰয়োজনীয়তা অনুসৰি অতিথিশালাৰ সাধাৰণ সুবিধাসমূহ অধিক উন্নত আৰু সম্প্ৰসাৰিত কৰা। সেয়েহে এই প্ৰকল্পক লৈ অন্য কোনো ধৰণৰ ব্যাখ্যা বা বিভ্ৰান্তিৰ অৱকাশ নাই।


   

No comments:

Post a Comment