Wednesday, July 8, 2026

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত ডণ্ডৰালত বন মহোৎসৱ ২০২৬ উপলক্ষে বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন



গুৱাহাটী :: ০৮ জুলাই :: গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষে নাৰেংগী আঞ্চলিক মহাবিদ্যালয়ৰ সহযোগত  ১ জুলাইৰ পৰা ৭ জুলাইলৈ "বন মহোৎসৱ–২০২৬" সফলতাৰে উদযাপন কৰে। পৰিৱেশ সংৰক্ষণ, বননিকৰণৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টি আৰু সেউজ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে এই সপ্তাহজোৰা কাৰ্যসূচী আয়োজন কৰা হয়। 



সপ্তাহব্যাপী কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত এটি গছপুলি ৰোপণ কৰি বিশ্ববিদ্যালয়ৰ পৰিৱেশ সংৰক্ষণ, পৰিৱেশগত স্থায়িত্ব আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ প্ৰতি থকা প্ৰতীকী প্ৰকাশ ঘটায়। বন মহোৎসৱৰ অংশ হিচাপে কালি সোণাপুৰস্থিত অসম–মেঘালয় সীমান্তৱৰ্তী ডণ্ডৰালত এক বৃহৎ বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱিকা আৰু স্থানীয় বাসিন্দাসকলে উৎসাহেৰে অংশগ্ৰহণ কৰি গছপুলি ৰোপণ কৰাৰ লগতে পৰিৱেশ সংৰক্ষণৰ বাৰ্তা জনসাধাৰণৰ মাজলৈ আগবঢ়ায়।

 উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ  শ্ৰেণী সমূহৰ সচিব ড° ৰঞ্জন কুমাৰ কাকতিয়ে এন এছ এছৰ স্বেচ্ছাসেৱকৰ দলটোক ডণ্ডৰাললৈ নেতৃত্ব দিয়ে আৰু প্ৰকৃতি সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ স্বেচ্ছাসেৱকসকলক আহ্বান জনায়। তেওঁ বৃক্ষৰোপণক সকলো নাগৰিকৰ এক সামূহিক দায়িত্ব বুলি উল্লেখ কৰি যুৱ সমাজক বহনক্ষম উন্নয়নৰ দূত হিচাপে আগবাঢ়ি আহিবলৈ উৎসাহিত কৰে। এই কাৰ্যসূচীত নাৰেংগী আঞ্চলিক মহাবিদ্যালয়ৰ এ ন এছ এছৰ  কাৰ্যসূচী বিষয়া ড° লখিমী গগৈ আৰু গুৱাহাটী বিশ্ববিদ্যালয় কেম্পাছ এন এছ এছ গোটৰ কাৰ্যসূচী বিষয়া ড° শশী প্ৰভা দেৱীয়েও উপস্থিত থাকি স্বেচ্ছাসেৱকসকলক সহযোগিতা আগবঢ়ায়। বৃক্ষৰোপণ কাৰ্যসূচীত নাৰেংগী আঞ্চলিক মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয় কেম্পাছৰ প্ৰায় ৪০ জন স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱিকাই অংশগ্ৰহণ কৰে।

No comments:

Post a Comment