গুৱাহাটী বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ এণ্ডেঞ্জাৰড্ লেংগুৱেজেচ এণ্ড মাল্টিলিংগুৱেলিজমৰ মূল কমিটিৰ বৈঠক সম্পন্ন
গুৱাহাটী, জুলাই ১৭ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত নতুনকৈ প্ৰতিষ্ঠা হোৱা Centre for Endangered Languages and Multilingualism ৰ মূল কমিটিৰ কমিটীৰ এখন গুৰুত্বপূৰ্ণ বৈঠক শুক্ৰবাৰে অনুষ্ঠিত হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তদেৱৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা উক্ত বৈঠকত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, শৈক্ষিক পঞ্জীয়ক অধ্যাপক ৰাজীৱ সন্দিকৈ আৰু মূল কমিটিৰ সন্মানীয় সদস্যসকল ক্ৰমে অধ্যাপক কামালুদ্দিন আহমেদ, অধ্যাপক চন্দনা শৰ্মা, অধ্যাপক দিলীপ বৰা, ড° নৈঋত বৰকটকী, ড° সত্যজিত শৰ্মা, ড° নিবেদিতা মালিনী বৰুৱা, ড° পলাশ কুমাৰ নাথ আৰু মেদিনী মোহন গগৈ উপস্থিত থাকে। মূল কমিটিৰ সদস্য হিচাবে চিংফৌ সম্প্ৰদায়ৰ মাঞ্জে লা, টাই ফাকে সম্প্ৰদায়ৰ পেইমথি গোহাই আৰু টাই খাময়াং সম্প্ৰদায়ৰ পিয়চেং চাউলু ৱেও এই বৈঠকত অংশগ্ৰহণ কৰে।
অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বসবাস কৰি অহা বিভিন্ন জনগোষ্ঠীৰ ভাষা আৰু সংস্কৃতিৰ ওপৰত ক্ৰমান্বয়ে বৃদ্ধি পাই অহা ভাবুকিক গৱেষণাভিত্তিক পদ্ধতিৰে মোকাবিলা কৰাৰ লক্ষ্যৰে প্ৰতিষ্ঠা কৰা এই কেন্দ্ৰটোৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা আৰু মত-বিনিময় কৰাৰ উদ্দেশ্যে এই বৈঠক অনুষ্ঠিত কৰা হয়।
উল্লেখযোগ্য যে ২০২৫ চনৰ ২৫ এপ্ৰিল তাৰিখে অনুষ্ঠিত হোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাদেৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত এই গুৰুত্বপূৰ্ণ কেন্দ্ৰটোৰ প্ৰতিস্থাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পিছৰে পৰা এই কেন্দ্ৰটোৰ প্ৰতিষ্ঠাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কর্তৃপক্ষই সন্মানীয় উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তদেৱৰ নেতৃত্বত কেন্দ্ৰটোৰ প্ৰতিষ্ঠাৰ বাবে যাৱতীয় কাৰ্যসমূহ পৰ্যায়ক্ৰমে সম্পাদন কৰি আহিছে। এই বিষয়ত দিক্-নিদৰ্শনৰ বাবে বিশ্ববিদ্যালয় কর্তৃপক্ষই এখন উচ্চস্তৰীয় কৰ্ণধাৰ সমিতি আৰু এখন মূল কমিটি গঠন কৰে।
বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তদেৱে উল্লেখ কৰে যে, “এই কেন্দ্ৰটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ স্থানীয় বিভিন্ন সম্প্ৰদায়সমূহৰ ভাষা আৰু সংস্কৃতি নথিভূক্তিকৰণ, সংৰক্ষণ আৰু বিকাশৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমৰ্থন আৰু দীৰ্ঘস্থায়ী প্ৰতিশ্ৰুতি পূৰণ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মই বিশ্বাসী।"
উক্ত বৈঠকত কেন্দ্ৰটোৰ নডেল বিষয়া ড° পলাশ কুমাৰ নাথে কেন্দ্ৰটোৰ প্ৰসংগ, গুৰুত্ব, কাৰ্যপদ্ধতি আৰু ভৱিষ্যত আঁচনিৰ এক বিশদ বিৱৰণ মূল কমিটিৰ সদস্যসকলৰ আগত দাঙি ধৰে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটি প্ৰধান উদ্যোগ হিচাপে এই কেন্দ্ৰই উত্তৰ পূৰ্বাঞ্চলৰ বিপন্ন ভাষাসমূহৰ নথিভুক্তকৰণ, সংৰক্ষণ আৰু সংবৰ্ধনৰ দিশৰ বলিষ্ঠ পদক্ষেপ লোৱাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে। ইয়াৰ লগতে বিভিন্ন সম্প্ৰদায়ৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ত বহুলভাৱে গুৰুত্ব দিয়া মাতৃভাষা ভিত্তিক বহুভাষিক শিক্ষা ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত গভীৰ গৱেষণা তথা কাৰ্যপন্থা হাতত লোৱাৰ আঁচনি লোৱা হৈছে। এই ক্ষেত্ৰত, এই কেন্দ্ৰটোৱে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীয় ভাষিক সম্প্ৰদায়ৰ সৈতে সহযোগিতামূলক পদক্ষেপৰ জৰিয়তে ইয়াৰ গৱেষণামূলক কাম কাজ তথা প্ৰকল্পসমূহ আগবঢ়াই লৈ যোৱাৰ পৰিকল্পনা হাতত লৈছে।
উক্ত আলোচনাত মূল কমিটিৰ সদস্যসকলৰ লগতে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, শৈক্ষিক পঞ্জীয়ক তথা অধ্যাপকসকলে কেন্দ্ৰটো আগুৱাই যোৱাত বিভিন্ন বিষয়ত গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়।

No comments