স্পাৰ্ক'ৰ উদ্যোগত সৌন্দৰ্য প্ৰতিযোগিতা সম্পন্ন
গুৱাহাটী , ১১ জুলাই : গুৱাহাটীৰ বৰিপাৰাস্থিত কৰ্মশ্রী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত ৯ জুলাইত এক সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় ।ফেশ্বন জগতৰ অতি চিনাকি নাম স্পাৰ্ক'ৰ উদ্যোগত এই সৌন্দৰ্য প্ৰতিযোগিতাখন অনুষ্ঠিত হয় ।
অনুষ্ঠানৰ আৰম্ভণিতে মুখ্য অতিথি হিচাপে উপস্থিত থাকি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদ চিকিমৰ যুটীয়া সঞ্চালক প্ৰধান বিজয় সোনাৰ আৰু মডেল গঙ্গা চৌধুৰীয়ে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে ।
সহস্ৰাধিক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত বিচাৰক হিচাপে অংশ লয় মডেল সৰলা দাস, নিবিড় কাশ্যপ, মানস ভূঞা আৰু মিনু পলে । প্ৰতিযোগিতাৰ অন্তত বিজয়ী প্ৰতিযোগীসকলক মিষ্টাৰ,মিছ আৰু মিছেছ আছাম খিতাপৰ লগতে মিছ টীন, মিষ্টাৰ টীন আৰু কিডছ শাখাতো খিতাপ প্ৰদান কৰা হয় ।



No comments