Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

বি টেকৰ চূড়ান্ত পৰীক্ষাত পাণ্ডু সদিলাপুৰৰ মেধাৱী ছাত্ৰী হিতাক্ষী কাশ্যপৰ সফলতা



গুৱাহাটী, ৩১ জুলাই :  গুৱাহাটী মহানগৰীৰ এক ৱাৰ্ডৰ অন্তৰ্গত পাণ্ডু সদিলাপুৰ নিবাসী  হৃষিকেশ দাস আৰু  লুনা ঠাকুৰীয়াৰ একমাত্ৰ জীয়ৰী আৰু গুৱাহাটীৰ আজাৰাস্থিত অসম ডনবস্ক বিশ্ববিদ্যালয়ৰ ছাত্ৰী হিতাক্ষী কাশ্যপে সদ্য ঘোষিত বি টেকৰ  চিভিল  ইঞ্জিনিয়াৰিং আৰু কম্পিউটাৰ চায়েন্স  ইঞ্জিনীয়াৰিঙৰ  চুড়ান্ত পৰীক্ষাত ৮৫ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে । উল্লেখ্য যে ইয়াৰ কিছুদিন পূৰ্বে হিতাক্ষী কাশ্যপে  ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ দ্বাৰা পৰিচালিত হিন্দী পৰীক্ষাত প্ৰবীণ ডিগ্ৰী লাভ কৰিছিল ।

No comments

Powered by Blogger.