Tuesday, July 21, 2026

গড়লৰ চাইল্ড ওল্ড এজ এণ্ড ডিছেবুলড ৱেলফেয়াৰ চছাইটিৰ আশ্ৰমত এবছৰীয়া পুত্ৰ সন্তানৰ জন্মদিন পালন পিতৃ - মাতৃৰ


 

গুৱাহাটী ,২১ জুলাই : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা থানাৰ অন্তৰ্গত গড়লস্থিত চৰকাৰী পঞ্জীয়নভুক্ত অনা চৰকাৰী সংস্থা চাইল্ড ওল্ড এজ এণ্ড  ডিছেবুলড ৱেলফেয়াৰ চছাইটিৰ অধীনত পৰিচালিত আশ্ৰমত ২০২৩ চনৰ পৰা  শাৰীৰিক প্ৰতিবন্ধী বা  দিবাংগ শিশু, মানসিকভাৱে বাধাগ্ৰস্ত মহিলা, বৃদ্ধা মহিলাক আশ্ৰয় দি পৰিচৰ্য্যা কৰি অহা হৈছে।

 চছাইটিৰ সভাপতি মিনু মজুমদাৰ আৰু সম্পাদক ধীৰাজ দাসে মানৱ সেৱাৰ অংশ হিচাপে প্ৰায় তিনি বছৰ ধ্ৰী আশ্ৰমখনত মানসিকভাৱে বাধাগ্ৰস্ত  শাৰিৰীক প্ৰতিবন্ধী এজনী ছোৱালীকে ধৰি দহজনী বৃদ্ধা মহিলাক তাত খোৱা - বোৱা, থকা-মেলাকে ধৰি সকলো সা - সুবিধাৰে পৰিচৰ্যা কৰি আহিছে। ইফালে বহু আগ্ৰহী লোকৰ অনুৰোধত আশ্ৰমত  মাজে সময়ে তেওঁলোকৰ সন্তানৰ জন্মদিনকে ধৰি বিশেষ কিছুমান স্মৰণীয় দিন পালন কৰি আশ্ৰমৰ আবাসীসকলক এসাজ খুৱাই তেওঁলোকৰ আশীৰ্বাদ গ্ৰহণ কৰাও পৰিলক্ষিত হয় । 

২০ জুলাইৰ দিনা  গড়লৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগৰ দক্ষিণ কামৰূপৰ নহিৰা অঞ্চলৰ গৌতম সিং নামৰ পেছাত গাড়ীচালক এজনে তেওঁৰ  গৌৰৱ সিং কলিতা নামৰ পুত্ৰ সন্তানটোৰ এবছৰীয়া জন্মদিনটো আশ্ৰমত পালন কৰে। এই উপলক্ষে কেক কাটি পালন কৰা জন্মদিনৰ অনুষ্ঠানটোত আবাসীসকলৰ উপৰি সভাপতি মিনু মজুমদাৰ , সম্পাদক ধীৰাজ দাসকে ধৰি আশ্ৰমৰ লগত জড়িত কেবাজনো শুভাকাংক্ষী , পুত্ৰ সন্তানটোৰ মাতৃ জুৰি কলিতাকে ধৰি শিশু, মহিলাসহ তেওঁলোকৰ প্ৰায় ৩০ জনমান লোক উপস্থিত থাকে। 

 কেক কটা পৰ্বৰ পাছত সন্তানটোৰ হকে পিতৃ - মাতৃয়ে আশ্ৰমৰ আবাসীসকলৰ আশীৰ্বাদ গ্ৰহণ কৰে। তাৰ পাছত আবাসীসকলৰ সৈতে উপস্থিত সকলোৱে লগে ভাগে এসাঁজ খাই জন্মদিনৰ কাৰ্যসূচীৰ সামৰণি মৰা হয়।

No comments:

Post a Comment