গুৱাহাটী , ২১ জুলাই : ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চিৰ সপ্তম আসাম বেটেলিয়ানৰ উদ্যোগত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত ২০২৬ বৰ্ষৰ সামূহিক বাৰ্ষিক প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে । উল্লেখ্য যে যোৱা ৫ জুনৰ পৰা চাৰিটা পৰ্যায়ত ভাগে ভাগে অনুষ্ঠিত শিবিৰত বেটেলিয়ানৰ অন্তৰ্গত ৰাজ্যৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ জুনিয়ৰ আৰু চিনিয়ৰ ডিভিজনৰ এটা পৰ্যায়ত ৪০০ জনকৈ মুঠ ১,৬০০ জন কেডেটে ভাগ লৈছিল ।
আনহাতে বেটেলিয়ানৰ কমাণ্ডিং অফিচাৰৰ নেতৃত্বত অনুষ্ঠিত শিবিৰত কেডেট সকলক ৰাইফল চালনা, পেৰেড , ড্ৰিল , মেপ ৰিডিং, যুদ্ধত বাধা অতিক্ৰমি শত্ৰুক পৰাস্ত কৰাৰ কৌশল, সামূহিক দৌৰ , যোগ, ব্যক্তিত্ব বিকাশ , শাৰীৰিক অনুশীলন , ব্যায়ামৰ উপৰিও দৈনিক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছিল। য'ত কেডেট সকলে বিহু , বাগৰুম্বাকে ধৰি নিজৰ নিজৰ জনগোষ্ঠীৰ কৃষ্টি - সংস্কৃতি প্ৰদৰ্শন কৰিছিল । তেনেদৰে শিবিৰৰ লগত সংগতি ৰাখি উত্তৰ পূব মণ্ডল ভিত্তিত আন্তঃ সঞ্চালকায় চাৰ্ভিছ শ্বুটিং চেম্পিয়নশ্বিপ ( আই ডি এছ এছ চি ) - ২০২৬ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল।
চাৰিটা পৰ্যায়ত প্ৰায় ডেৰ মাহ ধৰি অনুষ্ঠিত শিবিৰত এন চি চিৰ দায়িত্বত থকা কেবাজনো সেনা বাহিনীৰ উচ্চপদস্থ বিষয়াই মাজে সময়ে শিবিৰ পৰিদৰ্শন কৰি কেডেট সকলৰ অভিবাদন গ্ৰহণ কৰাৰ লগতে তেওঁলোকৰ সৈতে মত- বিনিময় কৰে । ইয়াৰ উপৰিও সেনা বিষয়াসকলে শিবিৰত ভাষণ প্ৰসংগত কেডেট সকলে পৰৱৰ্তী সময়ত সশস্র বাহিনী , কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনী , ৰাজ্যিক আৰক্ষী বাহিনীত নিজৰ যোগ্যতা , দক্ষতাৰ জৰিয়তে ভৰ্তি হৈ দেশমাতৃক সেৱা আগবঢ়াব পাৰে তাৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ আহ্বান জনায় ।
প্ৰতিটো পৰ্যায়ত শিবিৰৰ সামৰণি অনুষ্ঠানত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা কেডেটসকলক বঁটা আৰু মানপত্ৰ প্ৰদান কৰে হয়। আনহাতে সপ্তম আসাম এন চি চি বেটেলিয়ানৰ ফালৰ পৰা ডেৰ মাহ ধৰি শিবিৰ সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱা বাবে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ আচাৰ্য, উপাচাৰ্য , পঞ্জীয়ককে ধৰি সংশ্লিষ্ট কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছে।



No comments:
Post a Comment