গুৱাহাটী বিশ্ববিদ্যালয়ত ষ্টেট ৱাটাৰ ৰিচ’ৰ্ছ এছেছমেণ্ট বিষয়ক পৰামৰ্শমূলক কৰ্মশালা
গুৱাহাটী, জুলাই ১৭: গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত শুক্ৰবাৰে ষ্টেট ৱাটাৰ ৰিচ’ৰ্ছ এছেছমেণ্ট (State Water Resources Assessment–SWRA) ৰ প্ৰতিবেদন বিষয়ক এদিনীয়া পৰামৰ্শমূলক কৰ্মশালাৰ অনুষ্ঠিত হয়। প্ৰতিবেদনখনৰ চূড়ান্তকৰণৰ পূৰ্বে ইয়াৰ অনুসন্ধান, বিশ্লেষণ আৰু সু-পৰিকল্পিত দিশসমূহ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে অনুষ্ঠিত এই কৰ্মশালাত বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ বিষয়ববীয়া, বিভিন্ন বিভাগৰ অধ্যাপক-গৱেষক আৰু বানপানী আৰু নদী ক্ষয় ব্যৱস্থাপনা সংস্থা অসমৰ (FREMAA)-ৰ এক বিশেষজ্ঞ দল উপস্থিত থাকে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংগীতেৰে আৰম্ভ হোৱা উক্ত অনুষ্ঠানত পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰে। উদ্বোধনী ভাষণ প্ৰদান কৰি সন্মানীয় উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তদেৱে ৰাজ্যখনত তথ্যভিত্তিক আৰু বিজ্ঞানসন্মত জল সম্পদ পৰিচালনাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ ভূমিকা আৰু উক্ত কৰ্মশালাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই উল্লেখ কৰে যে, “গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে ব্ৰহ্মপুত্ৰ কেৱল গৱেষণাৰ বিষয় নহয়; ই এই সমগ্ৰ অঞ্চলৰ জীৱনধাৰা। ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰই কৰা প্ৰতিটো কামেই এই নদী আৰু ইয়াৰ বহুমাত্ৰিক বাস্তৱতাক অধিক গভীৰভাৱে বুজি পোৱাৰ উদ্দেশ্যে। SWRA প্ৰতিবেদন হৈছে ৰাজ্যৰ জল সম্পদৰ বৈজ্ঞানিক, সামাজিক-অৰ্থনৈতিক আৰু প্ৰশাসনিক দিশসমূহ একত্ৰিত কৰি এক সমন্বিত তথ্যভিত্তিকভাৱে গঢ়ি তোলাৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰয়াস। এই সহযোগিতাৰ বাবে FREMAA আৰু জল সম্পদ বিভাগক ধন্যবাদ জনাইছোঁ। কৰ্মশালাৰ আলোচনাৰ আগন্তুক বহু বছৰৰ নীতি-নিৰ্ণয়ত প্ৰভাৱ পেলাব।”
FREMAA-ৰ বিশেষজ্ঞ দলৰ ড⁰ প্ৰতাপ সিংহ, ড⁰ জ্যোতি নালে, মুখ্য কাৰিকৰী বিষয়া ভাস্কৰ জ্যোতি দাস, উপদেষ্টা ৰূপক কুমাৰ মজুমদাৰে ষ্টেট ৱাটাৰ ৰিচ’ৰ্ছ এছেছমেণ্টৰ প্ৰতিবেদনৰ পৰিসৰ, পদ্ধতি আৰু মুখ্য অনুসন্ধানসমূহৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰে।
বিশ্ব বেংকৰ সহায়ত ৰূপায়িত অসমৰ নদী অৱবাহিকা সু-সংহতকৰণ ব্যৱস্থাপনা কার্যক্রমৰ (Assam Integrated River Basin Management Programme–AIRBMP)ৰ অধীনত প্ৰস্তুত কৰা এই প্ৰতিবেদনক অসমত সমন্বিত জল সম্পদ ব্যৱস্থাপনা (Integrated Water Resources Management–IWRM)-ৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভিত্তি দলিল হিচাপে গণ্য কৰা হৈছে। ৰাজ্যৰ জল সম্পদৰ বৈজ্ঞানিক, সামাজিক-অৰ্থনৈতিক, প্ৰশাসনিক আৰু পৰিৱেশগত পৰিস্থিতিৰ এক সমন্বিত চিত্ৰ দাঙি ধৰি আগন্তুক অসম ৰাজ্যিক জল নীতি প্ৰস্তুতিত এই প্ৰতিবেদনখনে গুৰুত্বপূৰ্ণ দিশ-নিৰ্দেশনা আগবঢ়াব।
কৰ্মশালাৰ এক অংশ হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অধ্যাপক তথা ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক ধ্ৰুৱজ্যোতি চহৰীয়াৰ সঞ্চালনাত এক বিস্তৃত আলোচনা অনুষ্ঠিত হয়। অংশগ্ৰহণকাৰীসকলে প্ৰতিবেদনখনৰ পাঁচটা মুখ্য বিষয়ভিত্তিক ক্ষেত্ৰ— জল সম্পদ, বানপানী আৰু খনন, জলৰ অৰ্থনৈতিক ব্যৱহাৰ, নদী ব্যৱস্থাৰ সৈতে জড়িত সংস্কৃতি আৰু জীৱিকা, আৰু জল আৰু পৰিৱেশৰ ওপৰত বিশদভাৱে আলোচনা কৰি প্ৰতিবেদনখন অধিক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে বিভিন্ন মতামত আৰু পৰামৰ্শ আগবঢ়ায়।
আলোচনাৰ সময়ত অংশগ্ৰহণকাৰীসকলে ৰাজ্যৰ জল সম্পদ ব্যৱস্থাপনাৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে। তেওঁলোকে চীন, ভূটান আৰু অৰুণাচল প্ৰদেশৰ পৰা অহা উজানৰ জলপ্ৰবাহৰ তথ্য আদান-প্ৰদানৰ বাবে এক কাৰ্যক্ষম আন্তঃসীমান্ত জলবৈজ্ঞানিক তথ্য ব্যৱস্থা গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে, বান নিয়ন্ত্ৰণত অ-গাঁথনিগত ব্যৱস্থাসমূহক অধিক অগ্ৰাধিকাৰ দিয়া, চৰাঞ্চলবাসীৰ বাবে শক্তিশালী সামাজিক সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা, জলাশয় আৰু বান পথাৰৰ স্বাভাৱিক সংযোগ সংৰক্ষণ, জলসিঞ্চনৰ পৰিসৰ বৃদ্ধি আৰু আগন্তুক জল সম্পদ নীতিত সাংস্কৃতিক আৰু জীৱিকাভিত্তিক মূল্যবোধসমূহ অন্তৰ্ভুক্ত কৰাৰ বিষয়েও মতামত আগবঢ়োৱা হয়।
কৰ্মশালাত ভূতাত্ত্বিক বিজ্ঞান, উদ্ভিদ বিজ্ঞান, নৃতত্ব, পৰিৱেশ বিজ্ঞান, ভূগোল বিজ্ঞান, ব্যৱসায় প্ৰশাসন, ৰসায়ন বিজ্ঞান, সমাজবিজ্ঞান, প্ৰাণীবিজ্ঞান আৰু লোকসংস্কৃতি অধ্যয়ন আদি বিভিন্ন বিভাগৰ অধ্যাপক-গৱেষকসকলে অংশগ্ৰহণ কৰি ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ বহু দিশত নিজৰ মতামত আগবঢ়ায়।
উল্লেখ্য যে, অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন (SWRA) প্ৰতিবেদনখন তিনিটা অংশত প্ৰস্তুত কৰা হৈছে। বিভিন্ন অংশীদাৰৰ মতামত আৰু পৰামৰ্শৰ ভিত্তিত প্ৰতিবেদনখন চূড়ান্ত কৰা হ'ব। কৰ্মশালাৰ পৰামৰ্শ সেই প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ অংশ, যিয়ে আগন্তুক অসম ৰাজ্যিক জল নীতি প্ৰস্তুতিত সহায় কৰিব।
দিনজোৰা আলোচনা-চৰ্চাৰ অন্তত গুৱাহাটী বিশ্ববিদ্যালয়ৰ মালব্য মিছন শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ (MMTTC)-ৰ সঞ্চালক অধ্যাপক ভবেন তাঁতীয়ে সামৰণি ভাষণ প্ৰদান কৰা উক্ত অনুষ্ঠানত ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ ড⁰ মেঘনা চৌধুৰীয়ে শলাগৰ শৰাই আগবঢ়ায়।

No comments