২৫ জুলাইত জালুকবাৰীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ
গুৱাহাটী , ২৩ জুলাই : অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ২৬সংখ্যাক ( ৰূপালী জয়ন্তী বৰ্ষ ) প্ৰতিষ্ঠা দিৱস অহা ২৫ জুলাইত গুৱাহাটীৰ জালুকবাৰীস্থিত অসম অনাতাঁৰ আৰক্ষী সংগঠনৰ প্ৰশিক্ষণ বিদ্যালয় পথত থকা পৰিষদৰ কেন্দ্ৰীয় কাৰ্যালয়ত দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হব। পৰিষদৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ আতিথ্যত অনুষ্ঠিত হবলগীয়া কাৰ্যসূচীৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকণ, কুইজ আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হব। বিয়লি মুকলি সভা অনুষ্ঠিত হব। আনহাতে পৰিষদৰ কেন্দ্ৰীয় প্ৰচাৰ সচিব প্ৰভাত কলিতাই জানিবলৈ দিয়া মতে সভাপতি অৱনী চলিহা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিজন বৈশ্যই এটা বিবৃতিত সিদিনাৰ দিনজোৰা কাৰ্য্যসূচীত পৰিষদৰ সকলো সদস্য , কৰ্মকৰ্তা আৰু শুভাকাংক্ষী সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।
No comments