উজনি অসমৰ বানাক্ৰান্ত জিলাৰ সকলো অগপ নেতা - কৰ্মীক বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ
গুৱাহাটী , ২৪ জুলাই : নাগালেণ্ডত বিগত কিছুদিন ধৰি হোৱা প্ৰৱল বৰষুণৰ ফলত এক অনাকাংক্ষিত আৰু অস্বাভাৱিক বানৰ কৱলত পৰিছে উজনি অসমৰ যোৰহাট, শিৱসাগৰ, চৰাইদেউ , গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে যোৱা দুটা দিনত শিৱসাগৰ, যোৰহাট, চৰাইদেউ , গোলাঘাট জিলাৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বিভিন্ন বান সাহায্য শিৱিৰলৈ গৈ তাত আশ্ৰয় লৈ থকা পৰিয়ালক সাক্ষাৎ কৰি অনাকাংক্ষিত বানৰ ফলত হোৱা তেওঁলোকৰ দুখ- দুদৰ্শা, মনৰ বুজ লৈছে। ইয়াৰ উপৰিও বানাক্ৰান্তৰ সৈতে বাৰ্তালাপ কৰি প্রতিটো শিৱিৰতে চিকিৎসককে ধৰি প্রয়োজনীয় খাদ্য-সমগ্রী, খোৱাপানী আদি সুবিধাৰ উপলব্ধতা কৰা হব বুলিও আশ্বাস প্ৰদান কৰিছে ।
এই অনাকাংক্ষিত বানৰ কবলত পৰি মৃত্যুবৰণ কৰা প্ৰতিগৰাকী মৃতকৰ আত্মীয়লৈ চাৰি লাখ টকাকৈ তৎকালীন সাহায্য ৰাজ্য চৰকাৰে আগবঢ়াব বুলি মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছে । আনহাতে ৰাজ্যৰ শাসকীয় এন ডি এ মৰ্চাৰ অন্যতম সহযোগী দল অগপই ৰাজ্যৰ শেহতীয়া অনাকাংক্ষিত বান পৰিস্থিতিত উদ্বেগ প্ৰকাশ কৰি বানাক্ৰান্ত জিলাসমূহৰ জিলা সভাপতি, জিলা প্ৰতিনিধি , কাৰ্যনিৰ্বাহক সদস্য তথা নেতা - কৰ্মীসকলক ক্ষতিগ্রস্ত ৰাইজৰ কাষত থিয় হৈ সকলোধৰণৰ সহায় সহযোগিতা প্রদানৰ বাবে আহ্বান জনাইছে ।
দলৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক আৰু প্ৰাক্তন মন্ত্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সংশ্লিষ্ট জিলা কেইখনৰ সৰ্বস্তৰৰ নেতা - কৰ্মীসকলক এনে বিপদৰ সময়ত দুৰ্গত ৰাইজৰ ওচৰত থিয় হৈ তেওঁলোকক সাধ্যানুসৰি সকলো ধৰণৰ সহায় - সহযোগিতা আগবঢ়াই তেওঁলোকৰ দুখৰ সমভাগী হবলৈ আহ্বান জনাইছে। ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জানিবলৈ দিয়া মতে শেহতীয়া ভয়াবহ বান পৰিস্থিতিয়ে বহু পৰিয়ালৰ সপোন ঘৰ-দুৱাৰ আৰু জীৱন-জীৱিকাত গভীৰ আঘাত সানিছে।
এই কষ্টৰ সময়ত আমাৰ মিত্ৰজোটৰ চৰকাৰে আৰু আমাৰ দলে স্বাভাৱিক অৱস্থা ঘুৰি নহালৈকে প্রতিটো পৰিয়ালৰ সৈতে দৃঢ়ভাবে থিয় হ'বলৈ সকল্পবদ্ধ । আমি আশা ৰাখিছোঁ ৰাজনীতিৰ উৰ্ধত আমি একেলগে হাতে হাত ধৰি এনে অনাকাংক্ষিত দুৰ্যোগ অতিক্ৰম কৰিবলৈ সক্ষম হম ।
No comments