Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

অসম কবি সন্মিলনৰ ৩৯ সংখ্যক মধ্য কালীন অধিৱেশনৰ সামৰণি


গুৱাহাটী, ২২ জুলাই : গুৱাহাটীৰ  জালুকবাৰী ছোৱালী হাইস্কুল প্ৰাংগণত ১৯ জুলাইত অসম কবি সন্মিলনৰ ৩৯ সংখ্যক মধ্য কালীন অধিৱেশনখন  দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় । পুৱা ৯-৩০ বজাত পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সন্মিলনৰ সভাপতি দীনেশ  দাসে ।  স্মৃতি তৰ্পণ কৰে কাব্য কস্তুৰী ৰেনু মহন্ত  আৰু আদৰণি সমিতিৰ উপ সভাপতি জগন্নাথ পাঠকে । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১০০ জনৰো অধিক প্ৰতিনিধিয়ে ভাগ লোৱা  প্ৰতিনিধি সভাখন ইলোৰা কলিতাই পৰিবেশন কৰা মহাপুৰুষ মাধৱদেৱ বিৰচিত বৰগীতেৰে শুভাৰম্ভ কৰা হয়। 

সভাৰ  আৰম্ভণিতে প্ৰতিনিধি তথা সন্মিলনৰ কৰ্মকৰ্তাসকলক আদৰণি জনাই  আদৰণি সমিতিৰ সভাপতি তথা কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ সভাপতি , অৱসৰপ্ৰাপ্ত অধ্যক্ষ হাচমত আলীয়ে । সন্মিলনৰ সভাপতি দীনেশ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত সন্মিলনৰ বিগত বৰ্ষৰ কাৰ্যকলাপ আৰু ভবিষ্যতৰ কৰ্মপন্থাৰ বিষয়ে বিশদভাৱে আলোচনা আৰু প্ৰস্তাৱ গ্ৰহণ কৰা হয়। প্ৰতিনিধি সভাৰ আঁত ধৰে সম্পাদক নীলমণি বৰাই। বিয়লি ২ বজাৰ পৰা জালুকবাৰী লেখিকা সমাৰোহৰ মহিলা শিল্পীসকলে পৰিৱেশন কৰা অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী দেৱ ৰচিত দেশপ্ৰেমমূলক এটি সমবেত সংগীতেৰে আৰম্ভ কৰা হয় মুকলি সভা।সভাত সভাপতিত্ব কৰে সন্মিলনৰ সভাপতি দীনেশ দাসে। 

সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি খ্যাতনামা কবি - সাহিত্যিক কৌস্তুভমণি শইকীয়াই কবিসকলৰ সামাজিক দায়বদ্ধতাৰ ওপৰত বক্তব্য ৰাখে। নিৰ্দিষ্ট বক্তা হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ মুৰব্বী তথা বাণিজ্য শিক্ষাৰ ডীন অধ্যাপক প্ৰশান্ত শৰ্মাই কবিতা,কবি আৰু জনজীৱনৰ ওতঃপ্ৰোত সমন্ধৰ ওপৰত এক বিষদ, সুন্দৰ, সাৱলীল ৰসাল ভাষণেৰে সকলোকে মুগ্ধ কৰে। সভাত সন্মিলনৰ কাৰ্যকৰী সভাপতি ত্ৰিদীপ লস্কৰেও কবি সমাজৰ দায়িত্ববোধৰ  ওপৰত ভাষণ ৰাখে।

 আদৰণি সমিতি তথা কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ সম্পাদক ৰবিন ৰাজবংশী, মণিদীপা বৰ্মন,ৰুমা দেৱী আৰু অঞ্জনা দাসৰ লগতে মনোজ দাসে অধিৱেশনৰ কাৰ্যসূচীৰ ৰূপায়ণৰ আত ধৰে। মুকলি সভাতেই ইতিমধ্যে অনুষ্ঠিত হোৱা কবিতা প্ৰতিযোগিতাৰ বঁটা বিতৰণ আৰু সন্মিলনৰ আজীৱন সদস্য তথা হিতৈষী সভ্য সকলৰ প্ৰমাণ পত্ৰ দিয়া হয়। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই আদৰণি সমিতিৰ সম্পাদক ৰঞ্জন জ্যোতি শৰ্মা বৰদলৈয়ে ।

No comments

Powered by Blogger.