Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

অসম সাহিত্য সভাৰ মুম্বাই স্বৰ্ণ শাখাৰ 'চুটি গল্প আৰু ৰচনা কৌশল' শীৰ্ষক অনুষ্ঠান


গুৱাহাটী , ৩০.জুলাই : অসম সাহিত্য সভাৰ মুম্বাই স্বৰ্ণ শাখাৰ সৌজন্যত জুলাইত  সন্ধিয়া  'চুটি গল্প আৰু ৰচনাৰ কৌশল' শীৰ্ষক এক  অনুষ্ঠান গুগল মীটযোগে সফলতাৰে অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত  নিমন্ত্ৰিত অতিথি বক্তা ৰূপে উপস্থিত আছিল শিৱসাগৰ  মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ , প্ৰতিষ্ঠিত  গল্পকাৰ, প্ৰবন্ধকাৰ, নাট্যকাৰ, সংগীত সাধক  ডঃ অনিল শইকীয়া । 

ভাষণ প্ৰসংগত ডঃ শইকীয়াই  গল্পৰ আৰম্ভণি, সামৰণি, আদি বিভিন্ন উপাদানৰ ওপৰত সুন্দৰ বিশ্লেষণ দাঙি ধৰে। আনহাতে অনুষ্ঠানত উপস্থিত সকলোকে আদৰণি জনায় সভাপতিত্ব কৰে  মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ সভাপতি  হিৰণ ভূঞাই । ভাষণত হিৰণ ভূঞাই  স্বৰচিত কবিতাৰে অসমৰ বানাক্ৰান্ত লোকসকলৰ প্ৰতি গভীৰ দুখ  প্ৰকাশ কৰে। 

অনুষ্ঠানত উদ্দ্যেশ্য বাখ্যাৰ লগতে গুগল মীটৰ কাৰিকৰী দিশটো পৰিচালনা কৰে স্বৰ্ণ শাখাৰ সম্পাদক  দীক্ষা পাঠক খাটনিয়াৰে আৰু আঁত ধৰে  সাংস্কৃতিক সম্পাদক  কৰবী আচাৰ্য্যই। অনুষ্ঠানত  অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৪০  গৰাকী দৰ্শকে ভাগ লৈ অনুষ্ঠানটো সাফল্যমণ্ডিত  কৰি তোলে ।

No comments

Powered by Blogger.