Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

ৰাণীৰ কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ প্ৰদান কৰা লাভলি হুড আশ্ৰমত শিক্ষাৰ্থীৰ বাবে গ্ৰীষ্মকালীন শিৱিৰ


 

গুৱাহাটী , ১৬ জুলাই : নতুন শিক্ষা নীতি - ২০২০ অনুসৰি মহাবিদ্যালয় - বিশ্ববিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীসকলে যাতে হাতে কামে সকলো কাম কৰি ভৱিষ্যৎ দিনত আৰ্থিক ভাবে স্বাবলম্বী হব পাৰে তাৰ বাবে জুলাই মাহত গৰমৰ বন্ধৰ লগত সংগতি ৰাখি তেনেকুৱা ব্যৱহাৰিক জ্ঞানৰ শিক্ষা প্ৰদান কৰা কিছু নিৰ্বাচিত প্ৰতিষ্ঠানত শিক্ষাৰ্থীৰ বাবে গ্ৰীষ্মকালীন শিৱিৰৰ ব্যৱস্থা কৰা হৈছে। 

তাৰ ভিতৰত পুষ্টিকৰ খাদ্যৰ তালিকাত স্থান লাভ কৰা কাঠফুলা খেতিৰ প্ৰশিক্ষণৰ বাবে এইবেলি নতুন শিক্ষা নীতিৰ আধাৰত এটা গ্ৰীষ্মকালীন শিৱিৰৰ আয়োজন কৰা হৈছে  গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা ৰাণীগেটৰ পৰা কিছু নিলগৰ  ৰাণীৰ  বাক্ৰাপাৰাস্থিত কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ প্ৰদান কৰা 'লাভলি হুড আশ্ৰম' চৌহদত । 

তাত মাছৰূম  ডেভেলপমেণ্ট ফাউণ্ডেশ্যন ( এম ডি এফ ) ৰ উদ্যোগত ৩ জুলাইৰ পৰা শিক্ষাৰ্থীৰ বাবে চলি আছে এটা এমহীয়া গ্ৰীষ্মকালীন  শিৱিৰ । অহা ৩ আগষ্টলৈ চলিবলগীয়া শিৱিৰত কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ ১১ খন শিক্ষা প্ৰতিষ্ঠান ক্ৰমে - কটন বিশ্ববিদ্যালয় , আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় , এছ বি দেওৰা মহাবিদ্যালয় , কেশৱ চন্দ্ৰ দাস বাণিজ্য মহাবিদ্যালয় , দিছপুৰ মহাবিদ্যালয় , বি বৰুৱা মহাবিদ্যালয় , ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয় , নেৰিম , হাজোৰ দমদমা মহাবিদ্যালয় , পাণ্ডু মহাবিদ্যালয় , মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ তৃতীয় আৰু ষষ্ঠ ছেমিষ্টাৰত অধ্যয়নৰত প্ৰায় ৫০০ জন শিক্ষাৰ্থীয়ে ভাগে ভাগে কাঠফুলা খেতিৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। শিৱিৰত মাছৰুম ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক প্ৰাঞ্জল বৰুৱাকে ধৰি কেবাজনো অভিজ্ঞ প্ৰশিক্ষকে শিক্ষাৰ্থীসকলক বৈজ্ঞানিক পদ্ধতিৰে মাছৰূমৰ উৎপাদন ,  আধুনিক প্ৰযুক্তিৰ দ্বাৰা কৃত্ৰিম বুদ্ধিমত্তা ( AI) ৰ সহায়ত কিদৰে কাঠফুলাৰ উৎপাদন বৃদ্ধি কৰিব পাৰি সেই বিষয়েও  প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।



 আনকি শিক্ষাৰ্থীসকলক ক্ষেত্ৰ অধ্যয়নৰ বাবে চানডুবিৰ কাষৰীয়া অঞ্চলৰ কেবাখনো গাওঁলৈ লৈ যোৱা হৈছে। আনহাতে ১৪ জুলাইত শিৱিৰৰ লগত সংগতি ৰাখি এক অনুষ্ঠানৰ আয়োজন কৰা হয়। আনহাতে মাছৰুম ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক প্ৰাঞ্জল বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত  গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই মুখ্য অতিথি হিচাপে ভাগ লৈ  নতুন শিক্ষা নীতিৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰি অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰে। 

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ পলাশবাৰী সমষ্টিৰ বিধায়ক হিমাংশু শেখৰ বৈশ্যই ভাষণ প্ৰসংগত শিক্ষাৰ্থীসকলৰ ব্যৱহাৰিক জ্ঞান আৰু অভিজ্ঞতা সাধনৰ বাবে এনে ধৰণৰ শিবিৰৰ আয়োজন কৰাৰ সুবিধা দিয়াৰ বাবে মাছৰূম ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক প্ৰাঞ্জল বৰুৱাৰ শলাগ  লয়। অনুষ্ঠানত বিশিষ্ট প্ৰাণী বিজ্ঞানী আৰু কৃষ্ণগুৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক মোহন চন্দ্ৰ কলিতাই সন্মানীয় অতিথি হিচাপে ভাগ লৈ ভাষণ প্ৰসংগত এনে ধৰণৰ শিবিৰৰ পৰা শিক্ষাৰ্থীসকল কেনে ধৰণে উপকৃত হব তাৰ আলোকপাত কৰে। 


অনুষ্ঠানত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যা পুষ্পাঞ্জলী ৰাভা,  ষ্টাৰ্ট আপৰ লগত জড়িত উদ্যমী ব্যক্তি অৰিজিৎ শৰ্মা, ৰাণী জিলা পৰিষদৰ প্ৰাক্তন সদস্য ৰবীন দৈমাৰী, ৰাণী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি পৰমেশ্বৰ বৰ্মন , পৃথিৱী পুষ্টি চল্যুচন প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক আৰু অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী নিকুমণি বৰুৱাকে ধৰি কেবাজনো বিশিষ্ট লোক আৰু কাঠফুলা খেতিৰ লগত জড়িত কেবাজনো কৃষক, উদ্যমী ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে সিদিনা অনুষ্ঠানত  উপস্থিত থকা দলটোৱে লাভলী আশ্ৰম চৌহদ পৰিদৰ্শন কৰি কাঠফুলা খেতি আৰু উৎপাদনৰ বুজ লয়।n

No comments

Powered by Blogger.