অসমৰ বানাক্রান্ত অঞ্চলত নিয়োগ প্ৰথম এন ডি আৰ এফ বাহিনীৰ উদ্ধাৰকাৰী দল ; যোৰহাট জিলাত পাঁচ শতাধিক লোকক উদ্ধাৰ
গুৱাহাটী , ২৩ জুলাই : দক্ষিণ পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত বিগত প্ৰায় এটা সপ্তাহ ধৰি অসমকে ধৰি উত্তৰ পূবৰ সাতখন ৰাজ্যতে সকলো ঠাইতে কম - বেছি পৰিমাণে বৰষূণ হৈ আছে । আনকি চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি প্ৰৱল বৃষ্টিপাত হোৱাত নাগালেণ্ডৰ পৰা অসমলৈ নামি অহা সকলো নৈ - উপনৈৰ পানী ফেঁনে - ফেটেকাৰে ওফন্দি উঠাত চাৰি - পাঁচদিন ধৰি উজনি অসমৰ চৰাইদেউ, শিৱসাগৰ , যোৰহাট , গোলাঘাট জিলাত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে ।
যাৰ বাবে অসম চৰকাৰ আৰু বানাক্ৰান্ত জিলা সমূহৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ চমুকৈ ডি ডি এম এৰ আহ্বান মৰ্মে ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি বাহিনী চমুকৈ এন ডি আৰ এফৰ পশ্চিম গুৱাহাটীৰ আজাৰা পাটগাঁওস্থিত প্ৰথম বেটেলিয়ানৰ দুটা বিশেষ প্ৰশিক্ষিত উদ্ধাৰকাৰী দল ১৯ জুলাইৰ দিনা নিশা যোৰহাট জিলাত উপস্থিত হৈ বানাক্ৰান্ত লোকক উদ্ধাৰ আৰু সাহায্য অভিযানত নিয়োজিত হৈ আছে।
প্ৰথম এন ডি আৰ এফ বাহিনীৰ জনসম্পৰ্কৰক্ষী বিষয়াই সদৰি কৰা অনুসৰি প্ৰথম এন ডি আৰ এফ বাহিনীৰ ডেপুটী কমাণ্ডেণ্ট এন কে তিৱাৰীৰ নেতৃত্বত যোৱা দলটোৱে ২০ জুলাইৰ পৰা যোৰহাট জিলাৰ বানত অধিক ক্ষতিগ্ৰস্ত হোৱা টীয়ক ৰাজহ চক্ৰৰ বেছিকৈ বান প্ৰভাৱিত অঞ্চলত ৰাবাৰ বোট লৈ শিশু , মহিলাকে ধৰি পাঁচ শতাধিক লোকক নিৰাপদে উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিবলৈ সক্ষম হৈছে । আনকি এজনী গৰ্ভৱতী মহিলাসহ তিনিজনী মহিলা আৰু দুটা শিশুক নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছে ডেপুটী কমাণ্ডেণ্ট এন কে তিৱাৰীৰ নেতৃত্বত যোৱা দলটোৱে ।
ইফালে ৰাজ্য চৰকাৰৰ অনুৰোধত কালিৰে পৰা গোলাঘাট জিলাৰ অধিক বানত আক্ৰান্ত অঞ্চলসমূহত প্ৰথম এন ডি আৰ এফৰ আন এটা দল নিয়োগ কৰা হৈছে। বাহিনীটোৰ সুত্ৰই সদৰি কৰা অনুসৰি যোৰহাট আৰু গোলাঘাট জিলাত সম্প্ৰতি দুটা দলে ১২ খন উন্নত মানৰ উদ্ধাৰ কাৰ্যত ব্যৱহৃত ৰাবাৰ বোট লৈ বানত আক্ৰান্ত লোকক উদ্ধাৰৰ বাবে সাজু হৈ আছে। দল দুটাত কেবাজনো অভিজ্ঞ ডুবাৰু আছে।
দুয়োটা দলে তাত জিলা প্ৰশাসনৰ সহযোগত বানত আক্ৰান্ত লোকক উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। বাহিনীটোৰ সূত্ৰই সদৰি কৰা অনুসৰি প্ৰথম এন ডি আৰ এফৰ মুখ্য কাৰ্যালয়কে ধৰি উত্তৰ পূবৰ চাৰিখন ৰাজ্যত বানপানী , ভূমিস্খলনকে ধৰি যিকোনো প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰ কৰাৰ বাবে ১৮ টা উচ্চ প্ৰশিক্ষিত বিশেষ উদ্ধাৰকাৰী দল অত্যাধুনিক সা - সজুলিসহ ২৪ ঘণ্টাই সাজু হৈ থাকে । ইতিমধ্যে প্ৰথম এন ডি আৰ এফৰ নৱনিযুক্ত কমাডেণ্ট গৰাকীয়ে মুখ্য কাৰ্যালয়ৰ পৰা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি থকাৰ লগতে বাহিনীটোৰ ফালৰ পৰা চলি থকা উদ্ধাৰ অভিযানৰ তদাৰক কৰি আছে ।



No comments