Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটী ৰিং ৰ'ডৰ সৈতে মেট্ৰ' ৰে'ল সংযোগৰ সমীক্ষা আৰম্ভ


গুৱাহাটী, ১০ জুলাইঃ মহানগৰ গুৱাহাটীৰ দ্ৰুত বিকাশৰ সৈতে সংগতি ৰাখি আধুনিক আৰু ভৱিষ্যৎমুখী পৰিবহণ ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে গুৱাহাটী ৰিং ৰ'ডৰ সৈতে মেট্ৰ' ৰে'ল সংযোগৰ সম্ভাৱ্যতা সমীক্ষা আৰম্ভ কৰা হৈছে। অসম চৰকাৰৰ এই পদক্ষেপে নগৰীয়া যাতায়াত ব্যৱস্থাক অধিক দ্ৰুত, সুলভ আৰু সুসংগঠিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। 

ৰিং ৰ'ডৰ সমান্তৰালভাৱে মেট্ৰ' সেৱা আৰম্ভ হ'লে যান-জঁট হ্ৰাস, যাতায়াতৰ সুবিধা বৃদ্ধি আৰু নাগৰিকৰ জীৱন-যাপনৰ মান উন্নত হোৱাৰ আশা কৰা হৈছে। এই প্ৰকল্পৰ সম্ভাৱ্যতা সমীক্ষা শীঘ্ৰেই আৰম্ভ হ'ব বুলি জানিব পৰা গৈছে।

No comments

Powered by Blogger.