Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটী বিশ্ববিদ্যালয়ত Quad in the Indo-Pacific: Opportunities and Challenges for Australia and India শীৰ্ষক বক্ততানুষ্ঠান


গুৱাহাটী, জুন ১৫, ২০২৬ : ইণ্ডো-পেচিফিক অঞ্চলৰ ভূ-ৰাজনৈতিক পৰিস্থিতি, কৌশলগত সহযোগিতা আৰু ভাৰত - অষ্ট্ৰেলিয়াৰ সম্পৰ্কৰ নতুন সম্ভাৱনাসমূহৰ ওপৰত আলোকপাত কৰাৰ উদ্দেশ্যেৰে কনচল জেনেৰেল অফ অষ্ট্ৰেলিয়া - ইন কলিকতাৰ বাৰ্ণাড লিছৰ গৌৰৱময় উপস্থিতিত গুৱাহাটী বিশ্ববিদ্যালয়ত সোমবাৰে 'Quad in the Indo-Pacific: Opportunities and Challenges for Australia and India' শীৰ্ষক এক বিশেষ বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। 

অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই উল্লেখ কৰে যে, "ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্ক আজিৰ দিনত কেৱল কূটনৈতিক বা অৰ্থনৈতিক সহযোগিতাত সীমাবদ্ধ নহয়। ই এক বিস্তৃত কৌশলগত অংশীদাৰিত্বলৈ ৰূপান্তৰিত হৈছে, যাৰ ভেটি হৈছে গণতান্ত্ৰিক মূল্যবোধ, পাৰস্পৰিক আস্থা আৰু জনসাধাৰণৰ মাজৰ দৃঢ় সম্পৰ্ক। ২০২০ চনত স্থাপিত ইণ্ডিয়া–অষ্ট্ৰেলিয়া কম্প্ৰিহেনচিভ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপে বাণিজ্য, প্ৰতিৰক্ষা, প্ৰযুক্তি, সামুদ্ৰিক সুৰক্ষা, শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত নতুন দিশ উন্মোচন কৰিছে। দুয়োখন দেশে এক মুক্ত, অন্তৰ্ভুক্তিমূলক আৰু নিয়মভিত্তিক ইণ্ডো-পেচিফিক অঞ্চলৰ পক্ষে দৃঢ়ভাৱে থিয় দি সুৰক্ষিত যোগান শৃংখল, গুৰুত্বপূৰ্ণ খনিজ সম্পদ, চাইবাৰ সুৰক্ষা আৰু সামুদ্ৰিক দিশৰ সচেতনতাৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰি আহিছে। কোৱাডৰ জৰিয়তে ভাৰত, অষ্ট্ৰেলিয়া, আমেৰিকা আৰু জাপানে বিভিন্ন গুৰুত্বপূৰ্ণ দিশত সহায়, দুৰ্যোগ ব্যৱস্থাপনা, স্বাস্থ্য, উদ্ভাৱনী প্ৰযুক্তি, আন্তঃগাঁথনি উন্নয়ন আৰু চাইবাৰ সুৰক্ষাৰ দৰে ক্ষেত্ৰত সহযোগিতাৰ এক নতুন অধ্যায় আৰম্ভ কৰিছে।

২০২২ চনৰ ইকনমিক ক’অপাৰেচন এণ্ড ট্ৰেড এগ্ৰিমেণ্টে (ECTA) বাণিজ্য, উদ্যোগ, শক্তি আৰু প্ৰযুক্তিগত সহযোগিতাক অধিক গতিশীল কৰি তুলিছে। শিক্ষা ক্ষেত্ৰতো এই সম্পৰ্কই নতুন গতি লাভ কৰিছে। শিক্ষাখণ্ডৰ প্ৰেক্ষাপটত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ে এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। আমি আশাবাদী যে গুৱাহাটী বিশ্ববিদ্যালয়ে ভৱিষ্যতে ভাৰত–অষ্ট্ৰেলিয়াৰ শৈক্ষিক সহযোগিতাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে কাম কৰিব।”

বক্তৃতানুষ্ঠানত আমন্ত্ৰিত অতিথিৰ ভাষণত ভাৰত - অষ্ট্ৰেলিয়াৰ সু - সম্পৰ্কৰ কথা উল্লেখ উল্লেখ কৰি বাৰ্ণাড লিছে উল্লেখ কৰে যে, "ভাৰত আৰু অষ্ট্ৰেলিয়া এনে এক ইণ্ডো-পেচিফিক অঞ্চলৰ অংশ, য’ত সুযোগ, প্ৰত্যাহ্বান আৰু কৌশলগত পৰিৱৰ্তন একেলগে আগবাঢ়িছে। এই পৰিপ্ৰেক্ষিতত দুয়োখন দেশে নিয়মভিত্তিক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা, আঞ্চলিক স্থিতিশীলতাক অধিক শক্তিশালী কৰিছে। ২০২০ চনত স্থাপিত কৌশলগত অংশীদাৰিত্ব আৰু ECTA-ৰ জৰিয়তে ভাৰত–অষ্ট্ৰেলিয়াৰ সম্পৰ্কত  বাণিজ্য, শিক্ষা, প্ৰযুক্তি, শক্তি, সামুদ্ৰিক সুৰক্ষা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। কোৱাডৰ দৰে মঞ্চই শান্তি, সহযোগিতা আৰু সমৃদ্ধিৰ বাবে দুয়োদেশৰ যৌথ ভূমিকাক অধিক সুদৃঢ় কৰিছে।বৰ্তমান দুয়োদেশে অধিক বিস্তৃত কম্প্ৰিহেনচিভ ইকনমিক ক’অপাৰেচন এগ্ৰিমেণ্ট (CECA) সম্পৰ্কে আলোচনা অব্যাহত ৰাখিছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগন্তুক অষ্ট্ৰেলিয়া ভ্ৰমণ ভাৰত-অষ্ট্ৰেলিয়াৰ সম্পৰ্কৰ এক সুফল। 

অসম, নাগালেণ্ড, ত্ৰিপুৰা, মণিপুৰ আৰু অৰুণাচল প্ৰদেশত অষ্ট্ৰেলিয়াৰ Direct Aid Program-ৰ জৰিয়তে পানী ব্যৱস্থাপনা, শিক্ষা, দক্ষতা বিকাশ, সামাজিক স্থিতিস্থাপকতা আৰু মহিলা–কন্যা সবলীকৰণৰ বহু প্ৰকল্প ৰূপায়ণ হৈ আছে। শিক্ষাৰ ক্ষেত্ৰত Western Sydney University আৰু IIT Guwahati-ৰ অংশীদাৰিত্বত Australia–India Water Centre স্থাপন কৰা হৈছে। ইয়াৰ লগতে অষ্ট্ৰেলিয়াই নিজৰ স্থানীয় জনগোষ্ঠী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় সম্প্ৰদায়ৰ মাজত সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিছে। 

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাচীনতম উচ্চ শিক্ষানুষ্ঠান হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ে শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। পাৰস্পৰিক আগ্ৰহৰ ক্ষেত্ৰসমূহত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে সহযোগিতা অধিক শক্তিশালী কৰিবলৈ অষ্ট্ৰেলিয়া সদায় আগ্ৰহী।" 

উক্ত অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, শৈক্ষিক পঞ্জীয়ক অধ্যাপক ৰাজীৱ সন্দিকৈ, শ্ৰেণীসমূহৰ সচিব ড⁰ ৰঞ্জন কুমাৰ কাকতি, উপাচাৰ্যৰ সচিব আৰু জনসম্পৰ্কৰক্ষী বিষয়া ড⁰ মৃণাল জ্যোতি ডেকা সমন্বিতে বিভিন্ন অনুষদৰ ডীন, অধ্যাপকবৃন্দ আৰু গৱেষক শিক্ষাৰ্থী উপস্থিত থাকে।

No comments

Powered by Blogger.