Tuesday, June 23, 2026

শক্তিপীঠ শ্ৰী শ্ৰী কামাখ্যা মন্দিৰত লাখ লাখ ভক্তৰ উপস্থিতিত অম্বুবাচী আৰম্ভ


 গুৱাহাটী , ২৩ জুন : বিশ্বৰ অন্যতম শক্তিপীঠ  হিচাপে পৰিচিত শ্ৰী শ্ৰী কামাখ্যা দেবালয়ত ২২ জুনৰ পৰা  পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে  অম্বুবাচী মহাযোগ। নিশা ৯  বাজি ৮   মিনিট ৪২ ছেকেণ্ডত  প্ৰবৃত্তি আৰম্ভ হোৱাৰ পূৰ্বে সন্ধিয়া  যাৱতীয় পূজা অৰ্চনা কৰাৰ পাছত মন্দিৰৰ দুৱাৰ  ভক্তৰ দৰ্শনৰ  বাবে তিনিদিনৰ বাবে বন্ধ ৰখা হৈছে । 

 ২৬ জুনৰ দিনা পুৱা  কামাখ্যাৰ যাৱতীয় ৰীতি- নীতি , পৰম্পৰা অনুসৰি নিত্য পূজা অৰ্চনা  আৰু দেবী স্নান কৰাৰ পাছতহে মন্দিৰৰ দুৱাৰ ভক্তৰ দৰ্শনৰ বাবে খোলা হব। আনহাতে ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে কামাখ্যা দেৱালয় পৰিচালনাৰ দায়িত্বত থকা বৰদেউৰী সমাজ, অম্বুবাচী মহাযোগ পৰিচলনা সমিতি আৰু জিলা প্ৰশাসন , মহানগৰ আৰক্ষী , পৰ্যটন বিভাগকে ধৰি মহাযোগৰ দায়িত্বত থকা বিভাগসমূহে সোমবাৰে পুৱাৰে পৰা হাতে কামে নামি পৰা পৰিলক্ষিত হৈছে। বিগত বৰ্ষৰ দৰে এইবেলিও অম্বুবাচী মহাযোগৰ কেইদিনত ভক্তক পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকেহে  খোজকাঢ়ি মন্দিৰলৈ যাবলৈ অনুমতি দিয়া হৈছে ।

 ইফালে সোমবাৰে  অম্বুবাচী মহাযোগৰ প্ৰথম দিনটোতে মাজে সময়ে আহি থকা পাতলীয়া বৰষুণক নেওচিও বাহিৰৰ পৰা অহা দেশী -  বিদেশী লক্ষাধিক  ভক্তৰ ভিৰৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে কামাখ্যা দেৱালয়সহ সমগ্ৰ নীলাচল পাহাৰ ।  চুবুৰীয়া দেশ নেপাল , ভূটানৰ উপৰিও জাৰ্মানকে ধৰি ইউৰোপৰো কেবাখনো দেশৰ পৰা আহিছে কিছু সংখ্যক বিদেশী ভক্ত ।  ইতিমধ্যে সেই বিদেশী  ভক্তসকলে  কামাখ্যা দেৱালয় চৌহদত পূৰ্ব নিৰ্দ্ধাৰিত সূচী অনুসৰি তেওঁলোকৰ নিজা নিজা পাণ্ডাৰ ঘৰত আশ্ৰয় লোৱাৰ লগতে তাত থকা অতিথিশালাত বাহৰ পাতি যাৱতীয় পূজা অৰ্চনা কৰা দেখা গৈছে । 

 ইফালে কামাখ্যা দেৱালয়ৰ বৰদেউৰী সমাজৰ বৰ দলৈ কৱীন্দ্ৰ প্ৰসাদ শৰ্মা ,  সৰু দলৈ হিমাদ্ৰী শৰ্মা আৰু সচিব জ্ঞান নাথ শৰ্মাই  সদৰি কৰা অনুসৰি  এইবেলিও কামাখ্যা দেৱালয়ৰ লগতে নীলাচল পাহাৰত  অম্বুবাচী মহাযোগত বাহিৰৰ পৰা ভক্তৰ  থকা - খোৱাৰ বাবে কোনো ধৰণৰ শিবিৰ নাইবা খাদ্য যোগানৰ ব্যৱস্থা ৰখা হোৱা নাই । কেৱল দশনামি আখৰাত কিছু সংখ্যক  সাধু - সন্যাসীক ৰখাৰ ব্যৱস্থা কৰা হৈছে ।  তেনেদৰে  বাহিৰৰ পৰা অহা ভক্তৰ একাংশই মন্দিৰ চৌহদত  নানান বেশ- ভূশা পৰিধান কৰি দেৱীক আৰাধনা কৰাৰ লগতে বিভিন্ন যোগ প্ৰদৰ্শন কৰি আন ভক্তক আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে ।

 আনহাতে  অম্বুবাচী মহাযোগ যাতে সুচাৰুৰূপে সম্পন্ন হয় তাৰ বাবে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ , মহানগৰ, আৰক্ষী কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ লগতে অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে । গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত ডঃ পাৰ্থ সাৰথি মহন্ত  আৰু কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্ত স্বপ্নীল পালকে  ধৰি আৰক্ষী - প্ৰশাসনৰ শীৰ্ষ বিষয়া সকলে মন্দিৰ চৌহদত বাহৰ পাতি  পৰিস্থিতি তদাৰক কৰি আছে । মন্দিৰৰ দুৱাৰ খোলাৰ পাছতো ২৬ আৰু ২৭ জুনত মন্দিৰ দৰ্শনৰ বাবে ভি ভি আই পি, ভি আই পি আৰু বিশেষ দৰ্শনৰ ব্যৱস্থা বন্ধ থাকিব । ইফালে বাহিৰৰ পৰা অহা ভক্তৰ বাবে পাণ্ডু নদী বন্দৰ আৰু কামাখ্যা ৰেল ষ্টেচনত  দুটা শিবিৰ স্থাপন কৰা  হৈছে । দুয়োটা শিবিৰত পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ।

 সন্ধিয়া ব্ৰহ্মপুত্ৰৰ পাণ্ডু নদী বন্দৰ ঘাটত স্থাপন কৰা শিবিৰটো মুকলি কৰে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানটোত মধ্য গুৱাহাটী সমষ্টিৰ বিধায়ক বিজয় গুপ্তা,  জিলা প্ৰশাসন - আৰক্ষীৰ কেবাজনো উচ্চপদস্থ বিষয়া, পৰ্যটন বিভাগৰ সঞ্চালকসহ বিভাগটোৰ কেবাজনো উচ্চপদস্থ বিষয়া , কামাখ্যা দেৱালয়ৰ বৰ দেউৰী সমাজৰ বৰ দলৈ কৱীন্দ্ৰ প্ৰসাদ শৰ্মা আৰু সৰু দলৈ হিমাদ্ৰী শৰ্মা  উপস্থিত থাকে। ইয়াৰ পূৰ্ব্বে কামাখ্যা ৰেল ষ্টেচন চৌহদত স্থাপন কৰা শিবিৰটো মুকলি কৰে বিধায়ক বিজয় গুপ্তাই ।  

ইফালে অম্বুবাচী মহাযোগৰ ব্যৱস্থাপনা শক্তিশালী কৰাৰ বাবে মন্দিৰ সংযোগী পথৰ নামনি কামাখ্যা , প্ৰশান্তি লজ আৰু ভি আই পি পাৰ্কিং স্থানত ২৪ ঘণ্টাৰ সেৱাৰ বাবে  চাৰিটাকৈ  যৌথ নিয়ন্ত্ৰণ  কক্ষ , সাতোটাকৈ সহায়ক কেন্দ্ৰ স্থাপন কৰা হৈছে । ভক্তৰ গতিবিধি  আৰু নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে  অতিৰিক্ত চি চি টি ভিসহ পাঁচ শতাধিক কেমেৰা স্থাপন কৰা হৈছে । 

অম্বুবাচী মহাযোগ সুচাৰুভাবে সম্পন্ন কৰাৰ বাবে আৰক্ষী, জিলা প্ৰশাসনকে  ধৰি প্ৰায় দুই হাজাৰ বিষয়া - কৰ্মচাৰী নিয়োজিত কৰা হৈছে বুলি জিলা প্ৰশাসনৰ  সূত্ৰই  সদৰি কৰিছে । উল্লেখ্য যে ২৩ জুন নিশা পৰ্যন্ত অম্বুবাচী মহাযোগ উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দুই লক্ষাধিক ভক্তৰ সমাগম হোৱা বুলি মন্দিৰ পৰিচালনা সমিতিৰ এক সূত্ৰই সদৰি কৰিছে।

No comments:

Post a Comment