গুৱাহাটী ,২৩ জুন: গুৱাহাটীৰ জালুকবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ১ নম্বৰ ৱাৰ্ডৰ পশ্চিম জালুকবাৰীৰ খানামুখৰ সমাজ সেৱিকা গীতা ৰাণী বৈশ্যৰ অসুখত ভুগি ২১ জুনৰ দিনা নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৫ বছৰ।
মৃত্যুৰ সময়ত তেওঁ মাতৃ, দুজনী ভগ্নী, ভাই বোৱাৰী, দুজন ভতিজা - ভতিজীসহ বহু আত্মীয় স্বজন এৰি থৈ যায়। মৃত্যুৰ সময়লৈকে তেওঁ জ্ঞানমালিনী বিকশিত নামতি দল, খানামুখ ৰাজহুৱা শিৱ মন্দিৰ, খানামুখ মিলন সংঘ, বিশ্বৱাৰা মহিলা আত্মসহায়ক গোটকে ধৰি অঞ্চলটোৰ বিভিন্ন সামাজিক - সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত হৈ আছিল।
তেওঁৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰি জ্ঞানমালিনী বিকশিত নামতি দলৰ সভানেত্ৰী পূৰ্ণিমা কলিতা আৰু সম্পাদিকা জুমি কলিতাৰ নেতৃত্বত দলটোৰ সদস্যাসকলে তেওঁৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ২২ জুনত খানামুখ ৰাজহুৱা শ্মশানত বহু গুণমুগ্ধ লোকৰ উপস্থিতিত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। তেওঁৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে।

No comments:
Post a Comment