গুৱাহাটী বিশ্ববিদ্যালয় পেঞ্চনাৰ সন্থাৰ বার্ষিক সাধাৰণ সভা সম্পন্ন
গুৱাহাটী ,২৪ জুন: গুৱাহাটী বিশ্ববিদ্যালয় পেঞ্চনাৰ সন্থাৰ অষ্টবিংশতিতম্ আৰু নৱমবিংশতিতম্ বৰ্ষৰ প্রথম বার্ষিক অধিবেশনখন আজি বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত সভাগৃহত অনুষ্ঠিত হয় | এই উপলক্ষে অনুষ্ঠিত সভাত পৌৰাহিত্য কৰে ডঃ বাপুকন চৌধুৰীয়ে আৰু সন্থাৰ প্ৰতিবেদন পাঠ কৰে সাধাৰণ সম্পাদক মাণিক চন্দ্র পাঠকে । সভাত কেবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। তাৰ ভিতৰত বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনস্থ শিক্ষক - বিষয়া সকলৰ পেঞ্চন নিৰ্ধাৰণ কৰা, পূৰ্ণাংগ পেঞ্চন চেল গঠন কৰা, অসম চৰকাৰৰ আর্হিত চিকিৎসা সাহার্য আদায় দিয়া ইত্যাদি । সভাত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কার্যকৰী সভাপতি পিঠুৰাম বৰুৱাই বিশিষ্ট অতিথি ভাগ লৈ ভাষণ প্ৰদান কৰে।
আনহাতে সভাত নিৰদা দত্ত শর্মা আৰু চন্দ্ৰধৰ লহকৰক চৰকাৰে আগবঢ়োৱা বিশেষ সন্মানৰ বাবে তেওঁলোকক গামোছা আৰু জাপিৰে সম্বর্ধনা জনোৱা হয় | শেষত শলাগৰ শৰাই আগবঢ়াই সন্থাৰ কার্যকৰী সভাপতি দ্বিজেন ঠাকুৰীয়াই |

No comments