Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

ৰাণীত চি আৰ পি এফৰ ১৭৫ বেটেলিয়ানৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন


 

গুৱাহাটী  , ২১ জুন : কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ  ১৭৫ বেটেলিয়ানৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস বেটেলিয়ানৰ পশ্চিম গুৱাহাটীৰ ৰাণীস্থিত মুখ্য কাৰ্যালয় চৌহদত  আজি দিনজোৰা  কাৰ্যসূচীৰে উদযাপন কৰা হয় । পুৱা বাহিনীটোৰ বীৰ শ্বহীদ জোৱান - বিষয়া সকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ১৭৫ চি আৰ পি এফৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই ।



এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ১৭৫ বেটেলিয়ানৰ ছেকেণ্ড - ইন - কমাণ্ড অমিত সিনহা আৰু মুকুণ্ড  মোহন, ডেপুটী কমাডেণ্ট অমিত  যোশী আৰু  বিৰাট কুমাৰ সিং , জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অজয় কুমাৰকে  ধৰি বাহিনীটোৰ বিষয়া - জোৱান সকলোৱে বীৰ শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে । তাৰ পাছত বাহিনীটোৰ মুখ্য কাৰ্যালয়ৰ সভাগৃহত সৈনিক সন্মিলনখন অনুষ্ঠিত হয় । সন্মিলনত সম্বোধন কৰে কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই । 

 ভাষণ প্ৰসংগত তেওঁ চি আৰ পি এফ বাহিনী গঠনৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰে আৰু সকলোকে নিয়মানুবৰ্তিতা মানি চলিবলৈ আহবান জনায় । সন্ধিয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত  কমাডেণ্ট ৰাজীব কুমাৰ ঝাকে ধৰি  বাহিনীটোৰ কেবাজনো বিষয়া উপস্থিত থাকে । ইয়াৰ উপৰিও অনুষ্ঠানত কেবাজনো বিষয়া - জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ  সন্তানে দেশপ্ৰেমমূলক নৃত্য, গীত আৰু আলেখ্য পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে । অনুষ্ঠানৰ অন্তত এটা সামূহিক প্ৰীতি ভোজ তথা বৰাখানাৰ আয়োজন কৰা হয়।

No comments

Powered by Blogger.