Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

কল্পদ্ৰুমৰ অনলাইন ৰাভা সংগীত প্ৰতিযোগিতাৰ ফলাফল ঘোষণা


গুৱাহাটী  ,২৬ জুন: কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ৫৭ সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ কল্পদ্ৰুম কালচাৰেল একাডেমীৰ উদ্যোগত  অনুষ্ঠিত হৈ যোৱা  সৰ্বভাৰতীয় পৰ্যায়ৰ অনলাইন ৰাভা সংগীত প্ৰতিযোগিতাৰ  ফলাফলসমুহ ২৪ জুনত  ঘোষণা কৰা হয় । গীত আৰু নৃত্যৰ বিভিন্ন শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৪০ জনৰো  অধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল। আনহাতে 

অনুষ্ঠানটোৰ তত্ত্বাৱধায়ক তথা শ্বিলঙৰ ছেইণ্ট এন্থনীজ কলেজৰ সংগীত বিভাগৰ অধ্যাপিকা, বিশিষ্ট সংগীত শিল্পী ডঃ কান্তা কাবেৰী দাস আৰু বৰ্তমান  মুম্বাই নিবাসী ডঃ ধৃতিনয়না দাসে জানিবলৈ দিয়া মতে নতুন প্ৰজন্মৰ মাজত কলাগুৰুৰ আদৰ্শ, দৰ্শন, সাংস্কৃতিক চেতনা আৰু অমৰ সৃষ্টিৰাজিৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰাৰ লগতে সেইসমূহ অধিক বিস্তৃতভাৱে প্ৰচাৰ-প্ৰসাৰ কৰাৰ উদ্দেশ্যেৰেই এই অনলাইন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল । 

 এনে অনুষ্ঠানসমূহে কলাগুৰুৰ মহান আদৰ্শক সমাজৰ বিভিন্ন স্তৰত অধিক শক্তিশালীভাৱে প্ৰতিষ্ঠাকৰাত সহায় কৰিব। আনহাতে ঘোষিত ফলাফল অনুসৰি ৰাভা সংগীতৰ 'ক' শাখাত প্ৰথম স্থান লাভ কৰে গুৱাহাটীৰ কাহিলীপাৰাৰ মেঘনা বৈশ্যই,  দ্বিতীয় স্থান লাভ কৰে দক্ষিণ কামৰূপৰ মিৰ্জাৰ প্ৰকৃতি প্ৰিয়ম দাসে আৰু দাস তৃতীয় স্থান লাভ কৰে গুৱাহাটীৰ কৃত্তিকা দাসে ।  নিচুকনি বঁটা লাভ কৰে মুম্বাইৰ  আহিৰী গোস্বামীয়ে । খ শাখাত  গুৱাহাটীৰ   মুগ্ধিধ শৰ্মাই প্ৰথম, যুটীয়াভাবে ভায়োলিনা দাস (গুৱাহাটী ) আৰু পাহি বৰা(দুলিয়াজান) ই দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে আই আই টি, গুৱাহাটীৰ  মৈত্ৰী বৰ্মনে। নিচুকনি বঁটা লাভ কৰে মাকুমৰ প্ৰিয়ম প্ৰিয়া কাশ্যপে।  

গ শাখাত গুৱাহাটীৰ  পৰিস্মিতা কাশ্যপে প্ৰথম, মাকুমৰ ।দিপালী বৰুৱাই দ্বিতীয় , যুটিয়া ভাৱে তৃতীয় স্থান লাভ কৰে  গুৱাহাটীৰ ভূমিকা গোস্বামী আৰু শ্বিলঙৰ ইন্দ্ৰানী দাস ভূঞাই । নিচুকনি বঁটা  লাভ কৰে গুৱাহাটীৰ দিপীকা মালাকাৰে।  আনহাতে নৃত্য প্ৰতিযোগিতাৰ ফলাফল অনুসৰি ক শাখাত গুৱাহাটীৰ   আৰ্ভী নন্দী সাহাই প্ৰথম, নয়দাৰ হৰ্ষিতা শৰ্মাই দ্বিতীয় আৰু নলবাৰীৰ  কৃশাঙ্গী চক্ৰৱৰ্তীয়ে তৃতীয় স্থান লাভ কৰে।  নিচুকনি বঁটা লাভ কৰে আজাৰাৰ কৃত্তিকা দাসে । 

গ  শাখাত  বিশেষ বঁটা লাভ কৰে গুৱাহাটীৰ দিপীকা মালাকাৰে।  অনুষ্ঠানটোৰ অধ্যক্ষ মৃন্ময় দাসে জানিবলৈ দিয়া অনুসৰি  প্ৰতিযোগিতাৰ বিজয়ীসকলক আগবঢ়োৱা পুৰস্কাৰসমূহ কল্পদ্ৰুম কাব্যালোচনীৰ ৩৮ সংখ্যক  বৰ্ষপূৰ্তি অনুষ্ঠানত  বিতৰণ কৰা হ’ব।প্ৰতিযোগিতাখন‌ সুন্দৰ ভাৱে‌ তদাৰক কৰি অনুষ্ঠানটোক বিশেষ ভাৱে সহায় কৰে ক্ৰমে - সাহিত্য বিভাগৰ কমলজিৎ কলিতা বিনন্দিৰাম দাস আৰু ৰাজেন্দ্ৰনাথ বৰদলৈয়ে ।  সংগীত বিভাগত সহযোগিতা আগবঢ়াইছিল ক্ৰমে -  বৰ্ষা বিশেন (মধ্য প্ৰদেশ),  অৰিজিৎ দে (মুম্বাই), ডঃ মনিকা সিঙে (ছত্তীশগড়) ।

No comments

Powered by Blogger.