Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

ডাঃ হেডগেৱাৰ স্মাৰক সমিতিৰ পৰিচালনাত গুৱাহাটীৰ ২৩ স্থানত বিষ্ণু ৰাভা দিৱস উদযাপন বাল্মীকি সংগীত বিদ্যালয়ৰ


গুৱাহাটী , ২৩  জুনঃ ডাঃ হেডগেৱাৰ স্মাৰক সমিতিৰ দ্বাৰা পৰিচালিত বাল্মীকি সংগীত বিদ্যালয়ৰ উদ্যোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুণ্য তিথি উপলক্ষে ১৯ আৰু ২০ জুনত গুৱাহাটীৰ ২৩  টা স্থানত  ৰাজহুৱাকৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ৰাভা দিৱস উদযাপন কৰা হয়। উজানবজাৰ, ভঙাগড়, ছলাপাৰা-মৰাখালী-আমবাৰী আৰু ফটাশিল-চাবিপুল অঞ্চলত অনুষ্ঠিত অনুষ্ঠানসমূহত স্থানীয় বাসিন্দা, সমাজৰ বিশিষ্ট ব্যক্তি, শিক্ষানুৰাগী, ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

 উজানবজাৰৰ   হৰিজন স্কুলত অনুষ্ঠিত সভাখনত সমন্বয়কৰ দায়িত্ব পালন কৰে প্রদ্যুম্ন গোস্বামীয়ে। অনুষ্ঠানত কুমুদ কোঁৱৰ আৰু বিশ্বনাথ বাছফ'ৰে কলাগুৰুৰ জীৱন, কৰ্ম আৰু অসমীয়া জাতি গঠনত তেওঁৰ অনবদ্য অৱদানৰ বিষয়ে বক্তব্য আগবঢ়ায়। একেদৰে ভঙাগড়ৰ আনন্দ নগৰ হৰিজন এল পি স্কুলত অনুষ্ঠিত সভাখনত সমন্বয়কৰ দায়িত্বত আছিল দেৱজিৎ চৌধুৰী। সভাত দিলীপ শৰ্মা আৰু ডঃ মৃণাল হালৈয়ে কলাগুৰুৰ বিপ্লৱী চিন্তা-চেতনা, শিল্প-সংস্কৃতিৰ প্ৰতি তেওঁৰ অৱদান আৰু সামাজিক ন্যায় প্রতিষ্ঠাৰ বাবে আগবঢ়োৱা সংগ্রাম বিষয়ত আলোকপাত কৰে। আনহাতে ছলাপাৰা, মৰাখালী আৰু আমবাৰী অঞ্চলৰ যুটীয়া অনুষ্ঠান মৰাখালী হলত অনুষ্ঠিত হয়। সভাখনত সমন্বয়কৰ দায়িত্ব পালন কৰে ৰাহুল চন্দ্ৰ দাসে। 

সভাত ৰাম সিং আৰু ডেম্বাৰু ৰাৱে কলাগুৰুৰ আদর্শ নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাত গুৰুত্ব আৰোপ কৰে। ফটাশিল আৰু চাবিপুল অঞ্চলৰ অনুষ্ঠান আলোক ভৱনত অনুষ্ঠিত হয়। অনুষ্ঠানটোৰ সমন্বয়কৰ দায়িত্বত আছিল গুৱাহাটী পৌৰ নিগমৰ মৃগেন শৰণীয়া। সভাত গুৰুপ্ৰসাদ মেধিয়ে বক্তব্যত কয় যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কেৱল শিল্পী বা সাহিত্যিক নাছিল, তেওঁ আছিল জাতীয় চেতনাৰ এক অগ্নিপুৰুষ; যাৰ আদৰ্শ আজিও সমাজৰ বাবে প্ৰাসংগিক। উল্লেখ্য যে বাল্মীকি সংগীত বিদ্যালয়ৰ অধ্যক্ষ অনন্যা তালুকদাৰৰ নেতৃত্বত এই কাৰ্যসূচাৰ পৰিচালনা কৰা হয়।

No comments

Powered by Blogger.