গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন
গুৱাহাটী, ২১ জুন, ২০২৬ঃ গুৱাহাটী বিশ্ববিদ্যালয়ত ২১ জুন ২০২৬ তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (IDY) উৎসাহ-উদ্দীপনাৰে উদযাপন কৰা হয়। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, বিষয়া-কৰ্মচাৰী তথা বহু যোগপ্ৰেমীয়ে অংশগ্ৰহণ কৰে।
অনুষ্ঠানটো উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই। উদ্বোধনী ভাষণত তেওঁ যোগৰ জৰিয়তে শাৰীৰিক সুস্থতা, মানসিক শান্তি আৰু দৈনন্দিন জীৱনত সমন্বয় বজাই ৰখাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণী সমূহৰ সচিব ড০ ৰঞ্জন কুমাৰ কাকতিয়ে অতিথি আৰু অংশগ্ৰহণকাৰীসকলক আদৰণি জনায়। তেওঁ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ তাৎপৰ্য ব্যাখ্যা কৰি নতুন প্ৰজন্মৰ মাজত সুস্থ আৰু শৃংখলাবদ্ধ জীৱনশৈলী গঢ়ি তোলাত যোগৰ ভূমিকা বিশেষভাৱে উল্লেখ কৰে।
অনুষ্ঠানত সমাজকৰ্মী ড০ গাৰ্গী শইকীয়াও উপস্থিত থাকে আৰু বিশ্ববিদ্যালয়ৰ এই পদক্ষেপৰ শলাগ লয়। তেওঁ যোগ আৰু সামগ্ৰিক স্বাস্থ্য সজাগতা বৃদ্ধিত এনে কাৰ্যসূচীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
যোগ প্ৰশিক্ষক শ্ৰী পংকজ মেধি আৰু তন্ময়ী ভূঞাই বিভিন্ন যোগাভ্যাস আৰু শ্বাস-প্ৰশ্বাসৰ ব্যায়াম প্ৰদৰ্শন কৰি উপস্থিত সকলো অংশগ্ৰহণকাৰীক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰায়।
অনুষ্ঠানৰ শেষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ বিভাগৰ উপ-সঞ্চালক ড০ কুলদ্বীপ পাটগিৰিয়ে শলাগৰ শৰাই আগবঢ়ায়। তেওঁ অনুষ্ঠান সফলভাৱে সম্পন্ন কৰাৰ বাবে সকলো অতিথি আৰু অংশগ্ৰহণকাৰীক ধন্যবাদ জ্ঞাপন কৰে।
এই অনুষ্ঠানৰ জৰিয়তে যোগৰ মাধ্যমেৰে স্বাস্থ্য, সুস্থতা আৰু সামূহিক মংগলৰ মানসিকতা বিকাশত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰতিফলিত হয়।


No comments