অহা ২০ জুনত ৰাজ্যিক ৰসায়ন অলিম্পিয়াড ২০২৫-ৰ বঁটা প্ৰদান অনুষ্ঠান
গুৱাহাটী 9 জুন: ৰসায়ন শিক্ষা সমাজ অসম (SCEA) আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ উদ্যোগত অনুষ্ঠিত একবিংশতম ৰাজ্যিক ৰসায়ন অলিম্পিয়াডৰ বঁটা প্ৰদান অনুষ্ঠানটি অহা ২০ জুন, ২০২৬ শনিবাৰে দিনৰ ১০.৩০ বজাৰ পৰা বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে অসমৰ বিভিন্ন প্ৰান্তৰ আঠ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা ৰাজ্যিক ৰসায়ন অলিম্পিয়াড ২০২৫-ৰ ফলাফলসমূহ ইতিমধ্যে যোৱা জানুৱাৰী মাহত ঘোষিত হৈছে।
এইবাৰৰ ফলাফল অনুসৰি, নৱম শ্ৰেণীৰ শাখাত (Category 1) মহৰ্ষি বিদ্যা মন্দিৰ, শিলপুখুৰীৰ হৰ্ষব্ৰত শৰ্মাই প্ৰথম, শ্ৰীমন্ত শংকৰ একাডেমীৰ সপ্তৰ্ষি ডি এন কলিতা আৰু আইলেণ্ড একাডেমী, মাজুলীৰ বৰ্ণিল বৰাই যুটীয়াভাৱে দ্বিতীয় স্থান অধিকাৰ কৰিছে। দশম শ্ৰেণীৰ শাখাত (Category 2) চেণ্ট জেভিয়াৰ্ছ স্কুলৰ নবজিৎ আত্ৰেয়, ৰাজেশ চৰক, সন্দীপ কুজুৰ আৰু জগত তেৰাং—এই চাৰিগৰাকী শিক্ষাৰ্থীয়ে শীৰ্ষস্থান লাভ কৰিছে। একাদশ শ্ৰেণীৰ শাখাত (Category 3) জে এন ভি ডিব্ৰুগড়ৰ সমুদ্ৰ ফুকনে প্ৰথম, জাহ্নৱ ধাদুমীয়াই দ্বিতীয় আৰু ধ্ৰুৱ গগৈয়ে তৃতীয় স্থান লাভ কৰিছে। দ্বাদশ শ্ৰেণীৰ শাখাত (Category 4) ৰামানুজন একাডেমী ছিনিয়ৰ চেকেণ্ডেৰী স্কুল, বাইহাটা চাৰিআলিৰ দিব্য প্ৰিয়ম শইকীয়া, ৰামানুজন ছিনিয়ৰ চেকেণ্ডেৰী স্কুল, নগাঁওৰ প্ৰতীক সাহা আৰু অনিক পালে শীৰ্ষস্থান দখল কৰিছে। এই আটাইকেইগৰাকী শীৰ্ষস্থানপ্ৰাপ্তক সেইদিনা নগদ ধনৰ বঁটাৰ লগতে বিশেষ পদক আৰু মানপত্ৰ প্ৰদান কৰা হ’ব। তদুপৰি প্ৰতিটো শাখাৰ শীৰ্ষ দহগৰাকী স্থানপ্ৰাপ্তকক পদক আৰু মানপত্ৰৰে পুৰস্কৃত কৰাৰ লগতে ৬০%তকৈ অধিক নম্বৰ প্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক মানপত্ৰ প্ৰদান কৰা হ’ব ।
এই বিশেষ অনুষ্ঠানত অধ্যাপক পবিত্ৰ কুমাৰ শৰ্মা সোঁৱৰণী বক্তৃতা প্ৰদান কৰিব আই আই টি গুৱাহাটীৰ জ্যেষ্ঠ অধ্যাপক পি. কে. আয়াৰে। উল্লেখ্য যে অধ্যাপক আয়াৰ ৰসায়ন বিজ্ঞান আৰু নেন’প্ৰযুক্তিৰ এজন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিজ্ঞানী। সফল প্ৰতিযোগীসকলৰ লগতে অভিভাৱক আৰু ৰাজ্যিক ৰসায়ন অলিম্পিয়াডৰ কেন্দ্ৰসমূহৰ দায়িত্বত থকা শিক্ষক অধ্যাপক সকলোকে উক্ত দিনা সভাত উপস্থিত থাকিবলৈ আয়োজকসকলে আহ্বান জনাইছে।

No comments