Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটী বিশ্ববিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপন


গুৱাহাটী, জুন ৫, ২০২৬ : পৰিৱেশ সংৰক্ষণৰ প্ৰতি সামাজিক দায়বদ্ধতা, সচেতনতা আৰু সামূহিক অংশগ্ৰহণৰ বাৰ্তা শক্তিশালীভাৱে আগবঢ়োৱাৰ লক্ষ্যৰে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয় তথা স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। 

স্বচ্ছতা অভিযান, বৃক্ষৰোপণ তথা বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানসমূহৰ অগ্ৰণী ভূমিকা সম্পৰ্কে উল্লখ কৰি কয় যে, "পৰিৱেশ সংৰক্ষণ আজিৰ সময়ৰ এক নৈতিক আৰু সামাজিক দায়িত্ব। শিক্ষানুষ্ঠানসমূহ কেৱল জ্ঞানচৰ্চাৰ কেন্দ্ৰ নহয়, বৰঞ্চ দায়িত্বশীল নাগৰিক গঢ়ি তোলাৰো এক শক্তিশালী মঞ্চ। আমি প্ৰকৃতিৰ সৈতে সমন্বয় ৰক্ষা কৰি আগবাঢ়িলেহে আগন্তুক প্ৰজন্মৰ বাবে এক সুস্থ আৰু সুৰক্ষিত পৃথিৱী এৰি যাব পাৰিম। গুৱাহাটী বিশ্ববিদ্যালয়ে সদায় প্ৰকৃতি ৰক্ষা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।" 



বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই তেওঁৰ বক্তব্যত কয় যে, “পৰিৱেশ সংৰক্ষণৰ চিন্তা কেৱল নীতি বা আলোচনাত সীমাবদ্ধ নাথাকি দৈনন্দিন আচৰণ আৰু সামাজিক অভ্যাসৰ অংশ হ’ব লাগিব। বিশ্ববিদ্যালয়ৰ এনে পদক্ষেপে শিক্ষাৰ্থীসকলৰ মাজত দায়িত্ববোধ, অংশগ্ৰহণ আৰু ইতিবাচক পৰিৱৰ্তনৰ মানসিকতা গঢ়ি তোলে।”

উল্লেখ্যযোগ্য যে বিশ্ববিদ্যালয়ৰ এছ টি ৰাডাৰ চেণ্টাৰ, হিন্দী এল পি স্কুলতো স্বচ্ছতা অভিযান আৰু বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 


বিশ্ববিদ্যালয়ৰ বিভিন্ন স্থানত পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি শিক্ষাৰ্থীসকলে বাটৰ নাট প্ৰদৰ্শন কৰে। উক্ত কাৰ্যসূচীসমূহত ছাত্ৰ কল্যাণ সঞ্চালক ড⁰ ৰঞ্জন কুমাৰ কাকতি, উপাচাৰ্যৰ সচিব আৰু জনসম্পৰ্কৰক্ষী বিষয়া ড⁰ মৃণাল জ্যোতি ডেকা, উপ ছাত্ৰ কল্যাণ সঞ্চালক ড⁰ কুলদীপ পাটগিৰি, অধ্যাপক সমন্বিতে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সমূহ বিষ়ববীয়া উপস্থিত থাকে।



No comments

Powered by Blogger.