আমিনগাঁওত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা আৰু বৃক্ষৰোপণ কাৰ্যসূচী
গুৱাহাটী, ৪ জুন: অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ৫২ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ৫ জুনৰ বিশ্ব পৰিৱেশ দিৱস ২০২৬ উপলক্ষে পৰিষদৰ কামৰূপ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত আৰু জেৰিকো ফুড এণ্ড বেভাৰেজেছ এলএলপিৰ সহযোগত কামৰূপ জিলাৰ আমিনগাঁওস্থিত শৰাইঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন পৰিৱেশ সজাগতামূলক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়।
ৰাষ্ট্ৰ সংঘৰ পৰিৱেশ কাৰ্যসূচী (UNEP)-ৰ এইবাৰৰ বিষয়বস্তু “Inspired by Nature. For Climate. For Our Future”-ৰ আধাৰত আয়োজিত প্ৰতিযোগিতাখন তিনিটা শাখাত অনুষ্ঠিত হয়। ‘ক’ শাখাৰ বিষয় আছিল ‘গছ আমাৰ বন্ধু’, ‘খ’ শাখাৰ বাবে ‘আমাৰ পৰিৱেশ’ আৰু ‘গ’ শাখাৰ বাবে ‘আমাৰ পৃথিৱী, আমাৰ ভৱিষ্যত’।
প্ৰতিযোগিতাত শ্ৰেষ্ঠতা অৰ্জন কৰা প্ৰতিযোগীসকলক প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদান কৰাৰ লগতে নিচুকনি বঁটা আৰু মানপত্ৰ বিতৰণ কৰা হয়। সকলো অংশগ্ৰহণকাৰীকো অংশগ্ৰহণ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।
অনুষ্ঠানৰ অংশ হিচাপে বিদ্যালয় চৌহদ আৰু আমিনগাঁও অঞ্চলৰ বিভিন্ন স্থানত জ্যোতি লেবছৰ সহযোগত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত গছপুলি বিতৰণ কৰা হয়।
পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীৰ বঁটা বিতৰণী সভা অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ কামৰূপ আঞ্চলিক কাৰ্যালয়ৰ মুৰব্বী তথা জ্যেষ্ঠ পাৰিপাৰ্শ্বিক অভিযন্তা পংকজ কুমাৰ দত্তই উদ্বোধন কৰে। অনুষ্ঠানত পৰিৱেশ সংৰক্ষণ, জলবায়ু পৰিৱৰ্তন মোকাবিলা আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে সেউজীয়া পৃথিৱী গঢ়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।


No comments