Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

ড⁰ ভবেন্দ্ৰ নাথ শইকীয়াৰ মৰমৰ দেউতা বড়ো ভাষালৈ অনুবাদ


গুৱাহাটী, মে' ২০, ২০২৬ : অসমীয়া সাহিত্য, চলচ্চিত্ৰ আৰু নাট্যজগতত অনন্য অৱদান আগবঢ়াই যুগ যুগ ধৰি পাঠক আৰু দৰ্শকৰ হৃদয়ত বিশেষ স্থান দখল কৰি অহা ড⁰ ভবেন্দ্ৰ নাথ শইকীয়াদেৱৰ প্ৰাসংগিক আৰু অনুভৱময় সাহিত্যসৃষ্টিক বড়ো ভাষাৰ পাঠক সমাজৰ ওচৰলৈ কঢ়িয়াই নিয়াৰ এক প্ৰশংসনীয় প্ৰয়াস হিচাপে মঙ্গলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগত ‘মৰমৰ দেউতা’-ৰ বড়ো ভাষালৈ অনূদিত গ্ৰন্থ ‘अनसुला आफा’ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। 

আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ গৱেষক ছাত্ৰী উদাংশ্ৰী বড়োৱে গ্ৰন্থখন বড়ো ভাষালৈ কৰা অনুবাদ কেৱল এটি ভাষান্তৰ নহয়; ই হৈছে দুটা ভাষা, সংস্কৃতি আৰু অনুভৱৰ মাজত এক আন্তৰিক সেতুবন্ধন। সাহিত্যই কিদৰে ভাষাৰ সীমা অতিক্ৰম কৰি মানুহক মানুহৰ ওচৰ চপাই আনিব পাৰে, ‘अनसुला आफा’ তাৰেই এক অপূৰ্ব উদাহৰণ। 

অনুষ্ঠানত গ্ৰন্থ উন্মোচকৰূপে উপস্থিত থাকি পদ্মশ্ৰী অধ্যাপক অনিল কুমাৰ বড়োৱে উক্ত মহান পদক্ষেপক প্ৰশংসা কৰি উল্লেখ কৰে যে, "ড° ভবেন্দ্ৰ নাথ শইকীয়াদেৱৰ সাহিত্য সমাজ জীৱনৰ গভীৰ অনুভৱৰ দলিল। এই অনুবাদৰ জৰিয়তে বড়ো ভাষাৰ পাঠকেও সেই অনুভৱৰ আৰু সাহিত্যৰ সৌৰভ নতুন ৰূপত অনুভৱ কৰাৰ সুযোগ লাভ কৰিব।”

আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ মুৰব্বী অধ্যাপক অনুৰাধা শৰ্মাই নিজৰ ভাষণত কয় যে, "অনুবাদ হৈছে সাহিত্যৰ আত্মাক অন্য এক ভাষাত নতুনকৈ জীৱন্ত কৰি তোলাৰ শিল্প। এই প্ৰয়াসে অসমীয়া আৰু বড়ো সাহিত্যৰ মাজত সম্প্ৰীতি আৰু আন্তৰিকতাৰ এক নতুন দুৱাৰ মুকলি কৰিছে। গৱেষক ছাত্ৰী উদাংশ্ৰী বড়োলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।”

উপৰোল্লেখিত দুগৰাকীৰ উপৰিও অনুষ্ঠানত উন্মোচক হিচাপে উপস্থিত থাকি বড়ো বিভাগৰ মুৰব্বী অধ্যাপক স্বৰ্ণ প্ৰভা চেইনাৰী, জ্যেষ্ঠ অধ্যাপক দিলীপ বৰাদেৱে উদাংশ্ৰী বড়োক অভিনন্দন জ্ঞাপন কৰি উক্ত অনুবাদক দুটা ভাষা আৰু সংস্কৃতিৰ মাজত আন্তৰিক সম্পৰ্ক গঢ়ি তোলাৰ এক উল্লেখযোগ্য প্ৰয়াস বুলি অভিহিত কৰে।

গ্ৰন্থ উন্মোচনী সভাত অন্য অধ্যাপকবৃন্দ, সাহিত্যপ্ৰেমী, গৱেষক আৰু শিক্ষাৰ্থীৰ আন্তৰিক আৰু উৎসাহভৰা উপস্থিতিয়ে সমগ্ৰ অনুষ্ঠানটোক জীৱন্ত কৰি তোলে।

No comments

Powered by Blogger.