সদৌ অসম উকীল সন্থাৰ চতুৰ্থতম কাৰ্য্যনির্বাহক সভা।
সন্থাৰ সাধাৰণ সম্পাদক তথা বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাসৰ সম্বর্দ্ধনা অনুষ্ঠান।
গুৱাহাটী , ২১ মে : অহা ইংৰাজী ২৩ মে' তাৰিখে দিনৰ ১১ বজাৰ পৰা সদৌ অসম উকীল সন্থাৰ পৰমানন্দ চৌধুৰী প্রেক্ষাগৃহত সদৌ অসম উকীল সন্থাৰ ২০২৪-২৬ বৰ্ষৰ চতুৰ্থখন কার্যনির্বাহক সভা লগতে সদৌ অসম উকীল সন্থাৰ সাধাৰণ সম্পাদক তথা বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাস দেৱলৈ সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব।
উক্ত কার্যনির্বাহক সভাত সমূহ বিষয়ববীয়া, উপদেষ্টামণ্ডলী আৰু কাৰ্যৰ্যনিৰ্বাহকৰ সমূহ সদস্য / সদস্যা সকলক উপস্থিত থাকিবলৈ সদৌ অসম উকীল সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অমল চন্দ্ৰ বৈশ্যই অনুৰোধ জনাইছে।
No comments