Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

দীপক কুমাৰ দাসক অভিনন্দন সদৌ অসম উকীল সন্থাৰ।

 গুৱাহাটী :৫ মে' :  সদৌ অসম উকীল সস্থাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাসে বৰপেটা বিধান সভা সমষ্টিত বিপুল ভোটত নির্বাচিত হোৱাৰ বাবে সদৌ অসম উকীল সন্থাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰা হয় ।

একেৰাহে পাঁচ বাৰকৈ সদৌ অসম উকীল সন্থাৰ সাধাৰণ সম্পাদক হিচাপে কার্যানিব্বাহ কৰা  দীপক কুমাৰ দাসে অধিবক্তা সমাজৰ লগতে অসমৰ সামাজিক পটভূমিত অৰিহণা যোগাই আহিছে। অসম চৰকাৰৰ সহযোগত তেখেতৰ নেতৃত্বতেই সন্থাৰ এটি কল্যাণ ন্যাস গঠন কৰি অসমৰ অধিবক্তা সমাজৰ অসুখ-বিসুখত আর্থিক অনুদান আগবঢ়োৱাৰ লগতে অধিবক্তাৰ আকস্মিক বিয়োগত পৰিয়ালৰ সাহায্যাথে যথাসম্ভর আর্থিক অনুদান যোগাই আহিছে।

অসমৰ বিভিন্ন সমস্যা সমূহ গঠনমূলক চিন্তা চর্চাৰে সমাধানৰ বাবে তেখেতে অহৰহ চেষ্টা কৰি আহিছে। সদৌ অসম উকীল সন্থাৰ কল্যাণ ন্যাসৰ সৃষ্টিৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে যি আর্থিক অনুদান আগবঢ়ালে তাৰবাবে মাননীয় মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাক আন্তৰিক ধন্যবাদ আৰু গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে সদৌ অসম উকীল সন্থাই ।

এগৰাকী সুদক্ষ তথা কর্মস্পৃহাসম্পন্ন ব্যক্তি হিচাপে অসমৰ সমাজ জীৱনৰ লগতে অধিবক্তা সমাজৰ হিতৰ বাবে সদৌ অসম উকীল সন্থাৰ সাধাৰণ সম্পাদক  দীপক কুমাৰ দাসক অনাগত দিনত হ'বলগীয়া চৰকাৰখনত উচিত মর্য্যাদা পোৱাৰ আশা কৰে সদৌ অসম উকীল সন্থাই।

No comments

Powered by Blogger.