সদৌ অসম উকীল সন্থাৰ কাৰ্য্যনিৰ্বাহক সভা তথা সদৌ অসম উকীল সন্থাৰ সাধাৰণ সম্পাদক লগতে বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাসৰ সম্বৰ্দ্ধনা
গুৱাহাটী, ২৩ মে: সদৌ অসম উকীল সন্থাৰ পৰমানন্দ চৌধুৰী প্রেক্ষাগৃহত আজি সদৌ অসম উকীল সন্থাৰ চতুর্থতম কার্যনির্বাহক সভা তথা বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাসৰ সম্বৰ্দ্ধনা অনুষ্ঠান অনুস্থিত হয়। উক্ত অনুষ্ঠানটোৰ আঁত ধৰে সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অমল চন্দ্র বৈশ্যই। সভাৰ আৰম্ভণিতে অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবি আৰু প্ৰয়াত পৰমানন্দ চৌধুৰীৰ প্ৰতিমুৰ্ত্তিত মাল্যার্পণ কৰা হয়।
ইয়াৰ পিছতে অসমৰ উকীল সন্থা সমূহৰ সদ্য প্রয়াত অধিবক্তা সকলৰ চিৰশান্তি কামনা কৰি এক মিনিট মৌনতা অৱলম্বন কৰা হয়। ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকে দীপক কুমাৰ দাসৰ কৰ্মময় জীৱনৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়াই। সত্ৰনগৰী বৰপেটাৰ সুপুত্ৰ দীপক কুমাৰ দাসে, অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত বৰপেটাৰ পৰা সদৌ অসম ছাত্র সন্থাক নেতৃত্ব প্রদান কৰি আগভাগ লৈছিল। পৰৱৰ্তী পৰ্য্যায়ত বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে তেখেতে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। আইনৰ স্নাতক ডিগ্ৰী সমাপ্ত কৰি অধিবক্তা হিচাপে তেখেতে কর্মজীৱনৰ পাতনি মেলে। অসম আন্দোলনৰ পটভূমিত গঠিত হোৱা সদৌ অসম উকীল সন্থাৰ একেধাৰে পঞ্চমবাৰৰ বাবে সাধাৰণ সম্পাদক হিচাপে সেৱা আগবঢ়ায় আৰু বৰ্তমান বৰপেটা বিধানসভা সমষ্টিত বিপুল ভোটত নির্বাচিত হৈ অধিবক্তা সমাজক গৌৰৱান্বিত কৰি তুলিছে বুলি বাখ্যা কৰে।
উক্ত সভাত সদৌ অসম উকীল সন্থাৰ উপ-সভাপতি বিজন কুমাৰ মহাজনে দীপক কুমাৰ দাসৰ ওপৰত আলোকপাত কৰি অতীতৰ স্মৃতিবোৰ ৰোমন্থন কৰে।
সভাত দীপক কুমাৰ দাসে অধিবক্তা সমাজৰ উদ্দেশ্যি এক সাৰুৱা ভাষণ প্রদান কৰে আৰু তেখেতৰ কৰ্মময় জীৱনৰ অভিজ্ঞতাৰ বিষয়ে অৱগত কৰে। তেখেতৰ ভাষণত ভাল কাম কৰিলে শুভফল লাভকৰে বুলি তেখেতে মন্তব্য কৰে। তেখেতে মত পোষণ কৰে যে ৰাজনীতি বেয়া নহয় গতিকে অধিবক্তাসকলৰ লগতে সমাজ হিতৈষী ব্যক্তিসকল ৰাজনীতিলৈ অহা উচিত আৰু ৰাইজৰ মাজত একাত্মবোধ হৈ ৰাইজৰ হিতৰ বাবে নিজকে আগবঢ়াই দিব লাগে।
উক্ত সভাত সভাপতিত্ব কৰে সদৌ অসম উকীল সন্থাৰ সভাপতি শৈলেন্দ্র দাসে। সভাত উপস্থিত থাকে কাৰ্য্যকৰি সভাপতি মানস শৰণীয়া, সদৌ অসম উকীল সন্থাৰ উপদেষ্টা মণ্ডলী, বিষয়ববীয়াসকল, কাৰ্য্যকৰি সমিতিৰ সদস্য/সদস্যাসকল লগতে অসমৰ বিভিন্ন উকীল সন্থাৰ সভাপতি / সম্পাদক আৰু বিষয়ববীয়াসকল।
উক্ত সভাৰ আৰম্ভণিতে অধিবক্তা কুশমণি নাথৰ পৰিচালনাত এটি সুন্দৰ সমবেত সংগীত পৰিবেশন কৰা হয়।
সম্বর্দ্ধনা অনুষ্ঠানত সদৌ অসম উকীল সন্থাৰ তৰফৰ পৰা দীপক কুমাৰ দাসক ফুলৰ মালা, জাপি, শৰাই, গামোচা, চেলেং চাদৰ আৰু এখন মানপত্ৰ আগবঢ়োৱা হয়। মানপত্ৰখন যুগুত কৰে সদৌ অসম উকীল সন্থাৰ প্ৰাক্তন কাৰ্য্যকৰি সভাপতি বিৰাজ কুমাৰ চৌধুৰীদেৱে। লগতে অসমৰ প্ৰায় সংখ্যক উকীল সন্থা, গুৱাহাটী তৰণি সংঘ, সদৌ অসম উকীল সন্থাৰ কৰ্মচাৰীবৃন্দ আৰু সদৌ অসম উকীল সন্থাৰ চৌহদত থকা নটাৰী অফিচাৰ, ডি.টি.পি. অপাৰেটৰ আৰু অন্যান্য সকলেও সন্মানীয় বিধায়ক দীপক কুমাৰ দাসক ফুলাম গামোচা, জাপি, শৰাই আদিৰে সম্ভাষণ জ্ঞাপন কৰে। সদৌ শেষত ৰাষ্ট্ৰীয় সংগীত আৰু জাতীয় সংগীতেৰে সভা সমাপ্ত কৰা হয়।

No comments